Tuesday 30 October 2012


                   Feelings of the day

           Wonderful were days those
           Going through the vast green field
           Sitting on the river bank in some solitary moment
           The Finush bird likely to be my kin
           I was blind and seeing mighty with my eternal eyes
           Vast was the field
           Vast was the sight
           Vast was the endless horizon spreading towards

Sunday 28 October 2012

On Sankardeva : A Note

শংকৰদেৱৰ বিষয়ে এটা টোকা


         শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাত সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবো এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু কথা এক্সপ্লোৰ কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হ’ব৷ অন্যথায়ী আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল কথা গুৰু চৰিততে নহয়, আন গুৰু চৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবো যে তেওঁ ভ্ৰমণলৈ যোৱা কথাতো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও ক’ব পাৰি৷ আধুনিক কালৰ দাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লখিয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্ত্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হ’ল ড. হীৰেন গোঁহাই, ড. শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবো আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷
              এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰো যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলো যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ চেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰেৱশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি চেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ চেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷
           এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্বম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহব৷
         মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি ল’ব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেও পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাৱনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হ’লহেতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷
           আলোচনা সদায়ে যাথাৰ্থ হ’ব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্ছিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে ‘মণি-কাঞ্চন’ নামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছো, অলপ ভুল হ’ব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি ল’ব কোনো কাৰণতেই নোৱাৰি৷ তাৰোপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰো৷ কিয় নকৰো তাৰ এটা কাৰণ আছে কিন্তু৷
               মাধৱদেৱৰ শিষ্য গোপাল আতাই উদাৰতাৰে অসমৰ জনজাতীয়সকলক গ্ৰহণ কৰিছিল৷ তেওঁ তাহানিৰ অসমৰ বহুতো জনগোষ্ঠীৰ মাজত ধৰ্ম প্ৰচাৰৰ পৰিৱেশ সৃষ্টি কৰিছিল৷ সেই প্ৰচেষ্টা কিন্তু পাছলৈ অটুত নাথাকিল৷ পৰৱৰ্তী সময়ত এক প্ৰকাৰৰ বৰ্ণহিন্দু জাত্যাভিমানে শংকৰদেৱৰ ধৰ্মটোক নষ্ট কৰি পেলালে৷ আপুনি জানেনে বিখ্যাত বৰপেটা সত্ৰত আজিৰ পৰা প্ৰায় ৫੦ বছৰ আগলৈকে কোনো সৰু জাতিৰ লোককে প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল৷ বৰপেটাৰ গণককুছি সত্ৰততো আজি কিছু বছৰৰ আগলৈকে৷ আমি সৰু থাকোতে দেখিছিলো গণককুছি সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত প্ৰসাদ ল’বলৈ প্ৰৱেশ কৰা কৈৱৰ্ত সম্প্ৰদায়ৰ ল’ৰাবোৰক বাহিৰ উলিয়াই দিয়া হৈছিল৷ তথাকথিত মহাপুৰুষীয়া সমাজখনৰ উন্নতি হওক, তেওঁলোকৰ ধৰ্মটো সকলো জনগোষ্ঠীয়ে গ্ৰহণ কৰক, সেইটো মই কামনা নকৰো৷ ব্যক্তিগতভাবে মই অসমৰ জনজাতীয়সকলৰ খ্ৰীষ্টানকৰণৰো বিৰোধিতা কৰো৷ সেই জনগোষ্ঠীবোৰে নিজৰ আদিম ধৰ্মটো লৈ থাকক৷ আজিৰ পটভূমিত নিজৰ সংস্কৃতিকে উজলাই তোলক৷ জনজাতীয় জীৱন-ধাৰাটো সম্পূৰ্ণৰূপে নষ্ট হৈ যাবলৈ নিদিয়ক৷ মই কোনোদিনে অসমীয়া অভিধাটোৰে অসমৰ সকলো জনগোষ্ঠীক সামৰি লৈ বৃহত্ অসমীয়া জাতি গঠনৰ কথা নকওঁ৷ এতিয়ালৈকে আমি যিসকল ভাষিকভাৱে অসমীয়া আমি অসমীয়া হৈ থাকো৷ তাৰ ভিতৰত কোনোবাই আমাৰ মাজলৈ আহিব খোজে আহক৷ কিন্তু কোনো প্ৰশাসনিক উপায়েৰে নাইবা সাংস্কৃতিক-আৰ্থিক-সামাজিক সম্প্ৰসাৰণবাদৰ দ্বাৰা অসমৰ অনা-অসমীয়া-ভাষী খিলঞ্জীয় জনগোষ্ঠীক অসমীয়া কৰাৰ চেষ্টা কৰা নহওক৷ হয়, অসমত বাস কৰা সকলো জনগোষ্ঠীক লৈ আমি এখন সমাজ বুলি গ্ৰহণ কৰিব পাৰো, কিন্তু সকলো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ উন্নতি হোৱাৰ প্ৰয়োজন আছে৷এই ক্ষেত্ৰত কিন্তু অসমৰ জনগোষ্ঠীবোৰক সুকীয়া সুকীয়া ৰাজ্য প্ৰদানৰ মতটো মই সমৰ্থন নকৰো৷ নকৰাৰ একমাত্ৰ কাৰণ হ’ল অসমত যদি বডোসকল সুৰক্ষিত নহয়, তেন্তে বডোলেণ্ডত অনাবডোসকল সুৰক্ষিত হ’ব কিয়? বডোলেণ্ডত কাইলৈ অনাবডোসকলেও ৰাজ্য দাবী নকৰিবনে?

Saturday 27 October 2012

MY SON IMON BISWARUP

His birth was cloudy for us......... We did best, do best and will do best for him.............. He is good and sportive.............

Friday 26 October 2012

Feelings


               It is pleasing to me that I have come to blog this day, and I will be trying my best to give write up in this blog.

বন্ধৰ বিষয়ে

বন্ধৰ বিষয়ে


                এবাৰ অতি গুৰুত্বপূৰ্ণ কাম এটাত দুপৰীয়া প্ৰায় ১১ বজা মানত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিলো৷ গৈ গম পালো যে কোনোবাৰ মৃত্যুত শোক কৰি সেইদিনা কৰ্মচাৰীসকলে কামৰ পৰা বিৰত হৈছে৷ মুখত মাত নাথাকিল মোৰ৷ কামটো নহলেও মোৰ বিপদ৷ কি কৰো? হঠাতে গাড়ীগাওঁৰ ফালৰ বন্ধু এজনক লগ পালো৷ বিপদটোৰ কথা তাক লো৷ সি হাঁহি এটা মাৰি , “ধুৰ, সিটোও কথানে?” এই বুলি সি মোক চাহ দোকান এখনলৈ লৈ ল৷ তাত দেখিলো কিছুমান মানুহে হাঁহি স্ফুৰ্তি কৰি আদ্দা মাৰি আছে৷ মোৰ বন্ধুজনে লে যে আদ্দা মাৰি থকাসকল হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী৷ ভাবিলো শোকত কামৰ পৰা বিৰত থকা সকলেনো কিদৰে ইমান হাঁহি-তামচা কৰি থাকিব পাৰেহে! বন্ধুজন আগবাঢ়ি , এজন কৰ্মচাৰীৰ হাতত ੦੦ টকীয়া নোট এখন গুজি দিলে৷ ঈশ্বৰৰ কৃপা নোহোৱাকৈয়ে মোৰ কাম সেইদিনাই হৈ ল৷
               কথাবোৰ এনেদৰেই চলে এই দেশত৷ আজিও মই বুজা নাই কি কাৰণত কাৰোবাৰ মৃত্যুত স্কুল এখনত অৰ্দ্ধ চুটি লাগে৷ এখন স্কুলৰ প্ৰাক্তন ছাত্ৰ এজন মৰিলে স্কুলখনত পঢ়া ৰাবোৰে নিশ্চয় কান্দি-কাটি ভাঙি নপৰে৷ এনে   পাৰে যে কোনো এজন গুৰুত্বপূৰ্ণ মানুহৰ নাইবা এখন স্কুলৰ প্ৰাক্তন ছাত্ৰৰ মৃত্যুত স্কুলখনৰ এটা পিৰিয়দত নাইবা প্ৰাৰ্থনাৰ সময়ত মানুহজনৰ নামত শোকসভা পতা যাওক আৰু মানুহজনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কিছু কথা জনোৱা যাওক৷ কিন্তু স্কুলখনত অৰ্দ্ধ চুটি হোৱাৰ কাৰণ কি মই আজিও নুবুজো৷ তাৰ ভিতৰত কোনোবা এজন অতি গুতুত্বপূৰ্ণ মানুহৰ মৃত্যুত অন্য কিবা কাৰ্যসূচী হোৱাতো বেলেগ কথা৷ কিন্তু সকলো মৃত্যুৰ বাবে শোকসভা কৰি স্কুল ছুটি দিয়াতো সমৰ্থনযোগ্য হ’ব নোৱাৰে৷

Feelings of the Day


                    সময় আমাৰ বাবে এতিয়া দুঃসময়৷ মই কিবা কিবি লিখিব ইচ্ছা কৰি আছো৷ কিন্তু এতিয়ালৈকে লেখিব পৰা নাই৷ কথাবোৰ ভাবো, কিন্তু লেখাৰ বাবে অন্তৰত প্ৰৰণা নাহে৷

Sunday 21 October 2012

A STORY

পদত্যাগৰ পিছত

 

বাস্তৱ

      মানুহজনৰ মুখৰ ৰং সলনি হৈ গৈছিল৷ তেওঁ ভবা নাছিল, কথাবোৰে এনে ৰূপ গ্ৰহণ কিৰব পাৰে৷ আচলতে তেওঁৰ মনত বহুতে কোৱাৰ দৰে অভিমান-চভিমান একো নাছিল৷ তেওঁ যি কৰিছিল সম্পূৰ্ণ পৰিকল্পনা মতেই কৰিছিল৷ কলিতা বোলাজনক নিৰ্বাচনতে ঘাইল কৰি থৈছিল৷ মাত্ৰ কিছু সক্ৰিয় হৈ আছে বৰদলৈজন৷ সেইজনকো পৰা যাব৷ সেইজনক নদী বান্ধৰ সমস্যাটো কামত লগাই শিক্ষা দিব লাগিব৷ অখিলহঁতক কামত লগাব লাগিব৷ আৰু দিনে-ৰাতিয়েতো নিজৰ টিভি চেনেলটোৱে বেবাই আছে, “ৱেব মন্ত্ৰী জিন্দাবাদ৷ টিভি চেনেলটোক এনেদৰে দায়িত্ব দিয়া হৈছে যেন মানুহজনক এজন মেকান্দি ওঁজা হিচাবেহে ৰাইজৰ মাজত সাব্যস্ত কৰা হয়৷ অৰ্থাত কাণ খজুওৱাৰ জৰা-ফুকাও কৰে মন্ত্ৰী মহাশয়ে, সাম্প্ৰদায়িক কাঁজিয়া হলে তাৰ নিৰাময়ৰ মন্ত্ৰও জানে মন্ত্ৰী মহাশয়ে, বৃহত নদীবান্ধৰ বিষয়েও জানে মন্ত্ৰী মহাশয়ে, মুঠৰ ওপৰত তেওঁ নজনা কথা একো নাই৷ সৰ্বজান্তা!
কিন্তু গোটেই পৰিকল্পনাটোত আউল লগাই দিলে এই অখিল বোলাটোৱে৷ এইফালে চিবিআইৰ হাতত ফাছ খোৱা বৰা বোলাজনো এই সময়তে ঘূৰি আহিব বুলি তেওঁ ধাৰণাও কৰা নাছিল৷ গতিকে চব ফালেই পয়মাল লাগি গল৷ ছাৰে ইমান দিনে হাৰ লগত হা, কাৰ লগত কা কৰি আছিল৷ কিন্তু এইবেলি কথা বিষম৷
         প্ৰকৃততে তেওঁ প্ৰথমতে এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে নাটকখন আৰম্ভ কৰিছিল৷ ইতিমধ্যতো তেওঁ ৰাজহুৱাভাৱে কৈছেই যে মুখ্যমন্ত্ৰীৰ গাদীখনৰ প্ৰতি তেওঁৰ এক তীব্ৰ আকৰ্ষণ আছে৷ সেইবাবেই তেওঁ ভাবিছিল- ‘ছাৰ বুঢ়া হৈ আহিছে৷ আৰু এটা বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই৷ গতিকে এতিয়াই নাটক আৰম্ভ কৰিব পাৰি৷’
         ভবা মতেই কাম কৰিছিল৷
         কথাবোৰ ঠিকঠাকেই চলিছিল৷ ছাৰেও তেওঁৰ মতেই কাম কৰিছিল৷ কিন্তু পিছলৈ তেওঁ দেখিলে যে ছাৰৰ পুতেকটোও ৰাজনীতিত সোমাল৷ এনেয়ে কলিতা, বৰদলৈ, বৰা ইত্যাদিৰ লগত ফেৰ মাৰি ঢোকে ঢোকে পানী খাই আছে, তাতে আকৌ ছাৰৰ ছলিটো৷ এনেয়ে মৰো ঋষিৰ শাপত, তাতে দিয়া ধানৰ ভাপত৷ সেই বাবেই অলপ আগতীয়াকৈ কিবা এটা খদমদম লগাবলৈ চেষ্টা কৰা হৈছিল৷ সকলো প্ৰায় থিকেই চলিছিল৷ অৱশ্যে মাজে মাজে অখিল বোলাটোৱে সাংবাদিক মেল মাতি অলপ কেনা লগাই আছিল৷ তথাপিও নিজৰ চেনেলটোত নানান ৰঙৰ মনোৰঞ্জনৰ কাৰ্যসূচী দি, বাঘা বুদ্ধিজীৱী বৰগোহাঞি মহাশয়ক মদ খোৱাৰ কলা সম্পৰ্কে দুষাৰ লেকছাৰ দিয়াৰ সুযোগ দি, নাচ-গান, কথাছবি ইত্যাদিৰ ব্যৱস্থা কৰি অসমৰ জনসাধাৰণক বহু পৰিমাণেই বুৰ্বক বনাই ৰাখিবলৈ সক্ষম হৈছিল৷ তাৰোপৰি যেতিয়াই কিবা এক বিৰোধী জাগৰণ অহাৰ আগজাননী পোৱা হয়, তেতিয়াই ৰাইজৰ মাজত হাঁহ-কুকুৰাৰ বেমাৰ, মোবাইলত এটা নম্বৰৰ পৰা ফোন আহিলে মোবাইলৰ বিস্ফোৰণ হয় ইত্যাদিৰ দৰে ঢৌক ৰৌ কৰা কথা কিছুমান ৰাইজৰ মাজত প্ৰচাৰ কৰি দি ৰাইজৰ মন আচল কথাৰ পৰা আঁতৰাই নিয়াৰ ব্যৱস্থা সুকলমেই কৰা হৈছিল৷ এনেকৈয়ে সকলো ভালদৰে আগবাঢ়িছিল৷
         কিন্তু কেনা লগালে নিজৰ পৰিয়ালৰ মানুহেই৷ ৰাস্তাত বাৰু ছোৱালীজনীক কোনোবাই মলেষ্টেচন কৰিলেই, কিন্তু টিভিৰ “আজি সন্ধিয়া চাবলৈ নাপাহৰিব, ৰাস্তাত কিদৰে ছোৱালীক নাঙঠ কৰিব পাৰি, কিদৰে ছোৱালীৰ বুকুৰ আবৰণী টানি খুলিব পাৰি৷ কেবল আমাৰ লাইভ নিউজ চেনেলতহে উপলব্ধ এই এক্সক্লুছিভ ...” বুলি বাতৰি সম্প্ৰচাৰণ কৰিবৰ বাবেই অগৌৰৱ বোপাই নিজেই ছোৱালীজনীক নাঙঠ কৰাৰ কাৰ্যসূচীৰ সক্ৰিয় সদস্য হৈ পৰিল৷ আৰু সঁচাকৈয়ে এটা মনোগ্ৰাহী ক্লীপো তৈয়াৰ কৰিবলৈ সক্ষম হল৷ সকলোখিনি ভালেই চলিছিল৷ কিন্তু এইবাৰ বহুৱাৰ পাল৷ অখিল বোলাটোৱে অকাট্যৰূপত প্ৰমাণ কৰিলে যে মলেষ্টেচনৰ ঘটনাটোত অগৌৰৱ প্ৰত্যক্ষভাবে আৰু অতনুৰাম পৰোক্ষভাবে জ়ড়িত৷ হাহাকাৰ লাগি গল৷ ছাৰো কথাটোত অসন্তুষ্ট হল৷ সকলোফালে হুৱাদুৱা লাগিল৷ অংকত কেনা লাগিল এইদৰেই৷ ইতিমধ্য কলিতা, বৰদলৈ, বৰা ইত্যাদিৰ সাহসতে ছাৰেও ওলোতা মাৰিলে৷
         উপায় কত? গতিকে মুখখন অলপ কৰুণ কৰি দিয়া হল৷ এটা অভিমানৰ ভাবো ফুটাই তোলা হল৷ তাৰ পিছত আৰম্ভ কৰি দিয়া হল পদত্যাগৰ নাটক৷ কিন্তু পদত্যাগৰ নাটকখন ডাইৰেক্ট কৰিবলৈ ভয় হল৷ ছাৰে যদি তপাতকৈ পদত্যাগ-পত্ৰখন গ্ৰহণ কৰি পেলায়৷ গতিকে পদত্যাগৰ বাবে পৃথিৱীৰ ইতিহাসত যদিও কোনেও কাৰো অনুমতি লোৱাৰ নজিৰ নাই, (অৱশ্যে ঘৈনীয়েকৰ পৰা অনুমতি লব লগা হব পাৰে), তেওঁ ছাৰৰ পৰা অনুমতি পোৱাৰ বাবে প্ৰাৰ্থনা কৰিলে৷ মনতে ভাবিছিল ছাৰে লগে লগে মাতি নি মৰম মিহলি মাতেৰে কব, “যোৱা কি কৰিব ওলাইছা, হু, নাপায় নহয়, এনেখন কিয় কৰিছা, ঘৰৰ লৰা ঘৰতে থাকা...”
         কথাবোৰ কিন্তু তেনকুৱা নহল৷ ছাৰে অলপো সঁহাৰি নিদিলে৷ বৰং সাংবাদিক মেলত কৈ পেলালে, “মন্ত্ৰী নাথাকিলে কোনে ফাইল চাব, মই নিজে চাম..” গতিকে প্ৰায় খেদা খাওঁ খেদা খাওঁ অৱস্থাত পৰিল তেওঁ৷ উপায় নাপাই অসমৰ সংকট কালতো কাস্মিৰ চাবলৈ গল৷ ভাবিছিল হয়তো শেষ মুহূৰ্তত ছাৰে চকু মেলি চাব৷ কিন্তু সকলো বৃথা৷ নিৰুপায় হৈ পৰিল তেওঁ৷
         তাৰ পিছত কোনোমতে ৰাজ্যখনৰ ভাগ্যনিয়ন্তা দিগবিদিগ সিংঙৰ ওচৰলৈ গল৷ সেইজন যদিও নিজৰ ৰাজ্যতে ঠাই নোপোৱা নেতা, আমাৰ ৰাজ্যত কিন্তু বৰ গুৰুত্বপূৰ্ণ৷ আগৰবাৰতো মন্ত্ৰীসভা গঠন কৰিবলৈ ছাৰে সেইজন তৃতীয় শ্ৰেণীৰ নেতাৰ পাছে পাছে ফাইল লৈ ঘূৰি ফুৰিছিল৷ দিগবিদিগৰ লগত ইতিমধ্যে এটা ভাল লেনাদেনৰ সম্পৰ্ক গঢ়ি তুলিছিল তেওঁ৷ পূৰ্বতে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলাওঁতে যিজন ভগৱানে লগত থাকি তেওঁক সহায় কৰিছিল সেইজন ভগৱানকে সাৰথি কৰি দিগবিদিগক লগ ধৰি কিবা উপায়ে মেনেজ এটা কৰি দিয়াৰ বাবে কাকুতি-মিনতি কৰিবলৈ ধৰিলে তেওঁ৷ বিনিময়ত দিগবিদিগক কিছু টকা-কড়ি দিবলৈও প্ৰস্তুত হ’ল৷তেনে লাভাংশৰ আশাত দিগবিদগেও কলে, “তথাস্তু..৷”
         দিগবিদিগৰ সহায়ত ছাৰ অৱশেষত মেনেজ হল আৰু ৱেব মিনিষ্টাৰ পুনৰ উভতি আহিল ৰাজদৰবাৰলৈ৷ কিন্তু এইবাৰ অলপ সাৱধান হল৷ হকে বিহকে পেকপেকাই থকা বন্ধ কৰিলে৷ কথাবোৰ পুনৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিলে৷
কল্পনা
       তেওঁ ইমান দিনে টিভি চেনেলৰ সহায়ত সকলোফালে ৰৌজাল বৌজাল কৰিছিল যে তেওঁৰ মান কৰ্মপতু আৰু কোনো নাই; তেওঁ শিক্ষাখণ্ডত এক ৰিভলিউছন আনিছে, স্বাস্থ্যখণ্ডত এক ৰেডিকেল চেঞ্জ আনিছে আৰু প্ৰমাণ কৰিছে যে এই বিভাগকেইটাৰ একেদলৰে তেওঁৰ পূৰ্বৱৰ্তী মন্ত্ৰীকেইটাই ঘোঁৰাৰ ঘাঁহহে কাটিছিল৷ তাৰোপৰি তেওঁ ইতিমধ্যে মানৱ জাতিৰ ইতিহাসত চক্ৰেটিছ, এৰিষ্টটল ইত্যাদিৰ সমপৰ্যায়ৰ এজন ব্যক্তি বুলিও নিজকে দাঙি ধৰাইছে টিভি চেনেলৰ সহায়ত৷ এতিয়া পিছে সেই এডভাৰটাইজমেণ্টটো বুমেৰাং হৈ পৰিল৷ হঠাতে ছাৰে বৰদলৈ বোলাজনৰ পৰা শক্তি দপ্তৰৰ দায়িত্তটো আনি প্ৰদান কৰিলে তেওঁৰ হাতত আৰু তেওঁৰ পৰা লেখা-পঢ়া আৰু গা-ভাল বিভাগ দুটা নি বৰদলৈজনক প্ৰদান কৰিলে৷ খবৰটো কাণত পৰাৰ লগে লগে তেওঁৰ মূৰৰ ওপৰত ধপছকৈ সচিবালয়টো যেন ভাঙি পৰিল৷ ইমানদিনে খাই থকা সান্দহৰ বাটিটো তল গ’ল৷ হায় হায়! তথাপিও নিজকে সম্বৰণ কৰিলে৷ তাৰ পিছত উপায় উলিয়াবলৈ নাক খজুৱাবলৈ ধৰিলে৷
         ৰাতিলৈ তেওঁ হঠাত বিছনাতে চিঞৰি উঠিল, “ইউৰেকা, ইউৰেকা…৷ উপায় উপায় পাই গ’লো৷”
         হ’ব”
         কথাটোৰ গুৰুত্ব উপলব্ধি কৰি গৰু-ম’হ বিভাগৰ শীৰ্ষ বিষয়াক মাতি অনা হ’ল আৰু এই বিষয়ে সোধা হ’ল৷ কিন্তু গৰু-ম’হ বিভাগৰ বিষয়াই একাষাৰতে এনে সম্ভাৱনা নুই কৰি ক’লে যে এইটো সম্ভৱ নহ’ব৷ কাৰণ বানপানী, চবকা ৰোগ ইত্যাদিত গৰু-ম’হ মৰি খাস্তাং হৈছে৷ তাৰোপৰি এসময়ত এলওচি কেলেংকাৰীৰ নামত গৰু-ম’হৰ সকলোখিনি ধনেই গৈ হিতাইঈশ্বৰ শইকীয়া, পৰফুল মহন্ত ইত্যাদিৰ জেপত সোমাল৷ গতিকে গৰু-মহৰ অৱস্থা তথৈবচ৷ শক্তি উত্পাদনৰ বাবে প্ৰয়োজনীয় গোবৰ পোৱাৰ কোনো আশা এতিয়া নাই৷ ৱেব মিনিষ্টাৰৰ মনটো হতাশাৰে ভৰি পৰিল৷গৰু-ম’হ বিষয়াক বিদায় দিয়া হ’ল৷
         কিন্তু তেওঁ হতি যোৱা মানুহ নহয়৷ এসময়ত ছাত্ৰ নেতাগিৰী কৰি কিলাই বিদেশী খেদিবলৈ চেষ্টা কৰা মানুহ৷ গতিকে যমৰ মুখৰ পৰা ছলি কাঢি আনিবৰ শক্তি আছে তেওঁৰ৷ উপায় নিশ্চয় ওলাব৷ ততকালে কথাবোৰ ভাবি চোৱা হ’ল আৰু উপায় হিচাবে এইবাৰ মানুহৰ গোবৰেৰে শক্তি উত্পাদন কৰিব পৰা যায় নেকি তাৰে প্ৰস্তাৱটো বিষয়াসকলৰ আগত উত্থাপন কৰিলে৷ একাংশ বিষয়াই কিৰিলি পাৰি উঠিল৷ তাৰ পিছত গোটেই কথাখিনি পৰ্যালোচনাৰ কাৰণে অন্য কিছুমান বিভাগৰ বিষয়াবোৰো আহিল৷ কিন্তু সকলোখিনি আলোচনাৰ পৰা এটা কথা প্ৰমাণিত হ’ল যে এই কথাটোও ইমান সহজ নহ’ব৷ প্ৰয়োজনীয় পৰিমানৰ মানুহৰ গোবৰো প্ৰজেক্টটো সম্পূণ কৰিবৰ বাবে পোৱা নহ’ব৷ অভি্গ্ঞ বিষয়া কিছুমানে গোটোই প্ৰক্ৰিয়াটোৰ বাবে মানুহৰ গোবৰ কিয় পোৱা নাযাব তাক সুন্দৰকৈ ফহিয়াই দেখুৱালে৷ ৱেব মিনিষ্টাৰৰ মনটো সেমেকি উঠিল৷ বিভাগটোত চমক সৃষ্টি কৰাৰ সপোনবোৰত যেন আউল লাগিব ধিৰলে৷
         ৰাতিলৈ ৱেব মিনিষ্টাৰে কথাবোৰ ভাব চালে৷ হয়তো আজিকালি শিক্ষিত মানুহবোৰৰ এটা বা দুটাই ল’ৰা৷ আনকি বাংলাদেশ মূলৰ নাগৰিকসকলৰো ল’ৰা-ছোৱালীৰ সংখ্যা এতিয়া কমি গৈছে৷ গতিকে এতিয়া মানুহৰ গোবৰ যোগাৰ কৰাত সমস্যা হোৱাৰ কথাটো পেলাই দিব নোৱাৰি৷ তাৰোপৰি তেওঁৰ দৰে বিয়াগোম নেতা, ডাঙৰ ডাঙৰ বিষয়া, ডাঙৰ ডাঙৰ ব্যৱসায়ী ইত্যাদিয়ে নিজৰ গোবৰেৰে তেনে পদ্ধতিত শক্তি উত্পাদন কৰিবলৈ দিয়াৰ সম্ভাৱনাও নাই৷ গতিকে উপায় কি?
          কিন্তু তেওঁ যে শক্তি উত্পাদন কৰিবই৷ গোটেই ৰাতিটো ভাবিলে৷ পুৱতি নিশা তেওঁৰ মনটো ফৰকাল হৈ পৰিল৷ সমস্যাৰ সমাধান এটা পোৱা গ’ল৷ অধিক মানুহৰ গোৱৰ পাবৰ বাবে তেওঁ এক নতুন উদ্যমত এটা নতুন আঁচনি গ্ৰহণ কৰিবলৈ মনস্থ কৰিলে৷ তেওঁ সিদ্ধান্ত ল’লে যে অধিক মানুহৰ গোবৰৰ বাবে অধিক পৰিমাণে বাংলাদেশী আনিব লাগিব দেশখনলৈ৷ হয়, আৰু অধিক বাংলাদেশী আনিব লাগিব অসমৈল, সেই বাংলাদেশীৰ গোবৰেৰে শক্তি উত্পাদনৰ কাম আগবঢ়াই নিব লাগিব৷ আনন্দতে তেওঁ উন্মাদ হ’ল৷ ঘৈনীয়েকক খবৰটো দিলে৷ তাৰ পিছত লাইভ নিউজৰ কাৰ্যালয় পালে আৰু তাত সাক্ষাতকাৰ দি ক’লে যে তেওঁ অসমত প্ৰয়োজনতকৈ অধিক শক্তি উত্পাদন কৰিবলৈ সক্ষম হ’ব৷
সেইদিনাই গ’ধুলি তেওঁ ছাৰৰ ওচৰলৈ গ’ল আৰু বিদেশী বহিষ্কৰণৰ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিবৰ বাবে ছাৰক অনুৰোধ কৰিলে৷