কবিতা
মোক স্পৰ্শ কৰিব দিয়া
তোমাৰ অনুভূতিৰ
অতল গহ্বৰ
মই জানো
সেই স্পৰ্শৰ প্ৰাপ্তিয়ে প্ৰেম
প্ৰেমৰ আৰু অন্য কি সংজ্ঞা হ’ব পাৰে
মৰ মৰ সৰাপাতৰ গ’ধূলি
তোমাৰ আৰণ্যক পঁজাৰ পিৰালিত
তুমি বহি থকা নীৰৱে
তোমাৰ বিষন্ন বিহ্বল দুচকুত
হেঙুলীয়াই সানি দিয়ে সেউজীয়া
তাৰ নামেই প্ৰেম নেকি
তুমি বাৰু
নিজকে ইমান ধুনীয়াকৈ
কিদৰে সজাই তোলা
কিদৰে ইমান নিৰ্মলতাৰে
চুমা খাব জানা
অথচ
মই জানো
তুমি
কোনোদিনে
নিমন্ত্ৰণ কৰা নাই
এযুৰি চৰাইক
তোমাৰ চ’ৰাঘৰলৈ
জলপান খাবলৈ
তুমি
কোনোদিনে
সাবটি ধৰা নাই
বিশাল পথাৰৰ
সহজ সেউজীয়া
কাৰণ
মোহ-প্ৰাপ্তিয়েই
তোমাৰ বাবে স্বৰ্গৰ দুৱাৰ
মই জানো
তোমাৰো এখন
স্বপ্নৰ উদ্যান আছে
তাত
কি ফুল ফুলে
মই নাজানো
মইতো আজিও
বুজি পোৱা নাই
তোমাৰ চকুপানীৰ অৰ্থ
তুমিতো কবি নহয়
শব্দৰে সজাব পাৰিবা
তোমাৰ আটোম টোকাৰি ঘৰ
নিয়ৰ কণা হ’বৰ বাবেও
তুমি বতাহত মিলি যাব নোৱাৰা
গছ পাত হ’বৰ বাবেও
তোমাৰ পত্ৰহৰিতৰ অভাব
তুমি গানো হ’ব নোৱাৰা
কাৰণ
তুমি সপ্তস্বৰ ৰহিত
তেনেহ’লে
কিদৰে মই দিব পাৰো
প্ৰেমৰ সজ্ঞা
সজাব পাৰো
সুখ-দুঃখৰ
আৰণ্যক পঁজা
মই
ভাল পাব জানো
সকলো নিৰ্মল অনুভূতিৰে
হৃদয় তুলি ধৰিব পাৰো
আকাশৰ বিশালতাত
উচুপিব পাৰো
নিশাৰ এটা নিৰ্জন নক্ষত্ৰ হৈ
অথচ
ক্ৰমশঃ
সেই মেজাংকৰী সপোনবোৰে
দূৰাতীত কিবা এটা
হৈমন্তী প্ৰান্তৰৰ
কোনো এক গ’ধূলি
কোনো দিনে
আমি বহিব নোৱাৰিলো
মৌন মুখৰতাৰে
আৰু
তুমি এদিন
সহজ চাৱনিৰে
সুধিছিলা
তোমাৰ চকুযুৰি ধুনীয়ানে
আজিও কিন্তু
সেই প্ৰশ্নটোৰ উত্তৰ
মই দিব পৰা নাই৷