Monday, 5 November 2012


এদিন শাৰদীয় সন্ধিয়া

মূলঃ লেংষ্টন হিউজ 
অনুবাদঃ বিশ্বজিৎ সূত্ৰধাৰ

                   বিল যেতিয়া কিশোৰ তেতিয়াৰ পৰাই সিহঁত দুটাৰ মাজত কিবা এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। একো একোটা সুন্দৰ সন্ধিয়াৰ বহুখিনি সময় সিহঁত দুটাই একেলগে ফুৰি ফুৰি নানান ধৰনৰ কথা পাতি পাতি বৰ মধুৰ ভাবে কটাইছিল। এনে দৰেই দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু সময়ৰ সোঁতত এদিন দুয়ো পৰস্পৰে পৰস্পৰৰ পৰা বিচ্ছিন্ন হৈ যাবলগীয়া হ’ল। তাই এজন এনে লোকক বিয়া কৰালে যিজন লোকৰ প্ৰতি তাইৰ তিল মাত্ৰও অনুভূতিৰ অনুৰণন আছিল বুলি বিলে আজিও বিশ্বাস নকৰে। সেই সময়ৰ পৰাই বিলৰ মনত যেন ছোৱালী সম্পৰ্কে কিবা এক তিক্ত ধাৰণাই বাহ বান্ধিছিল। সি নিজে বুজিব নোৱাৰা কিবা এক অজান কাৰণত সকলো ছোৱালীৰ প্ৰতি তাৰ মনটো নিস্পৃহ হৈ পৰিছিল।
                   এদিন সি ৱাছিংটন স্কোৱাদেৰে গৈ আছিল। হঠাৎ তাৰ দৃষ্টিগোচৰ হ’ল ৰাস্তটোৰ অন্য ফালৰ পৰা বৰ অলস খোজেৰে এজনী ভদ্ৰ মহিলা আহি আছে। সি লক্ষ্য কৰিছিল মহিলাগৰাকীয়ে প্ৰথমতে তাৰ ফালে অলপ চাইছিল আৰু তাৰ পিছত মহিলাগৰাকীয়ে এক বিস্ময়াভিভূত কণ্ঠেৰে চিঞৰি উঠিছিল “আৰে বিল নহয়নে?”
                      বিলে খকমককৈ ৰৈ গৈছিল। প্ৰথম অৱস্থাত সি মহিলাগৰাকীক চিনি পোৱা নাছিল। কিন্তু লাহে লাহে তাৰ মনত যেন বৰ বিষাদ বিষাদ লগা এখন মুখৰ প্ৰতিচ্ছবি ভাহি উঠিছিল। সি কিছু আবেগ আৰু বিস্ময় মিহলি অনুভূতিৰে ভাবিছিল কিমান যে বয়সীয়াল যেন হৈ পৰিছে তাই৷
                    সি আথে-বেথে সুধিছিল- “আৰে মেৰি নহয়নে? কিমান দিনৰ মূৰত তোমাক দেখা পালো৷ সঁচাকৈয়ে আচৰিত লাগিছে৷’’
                   মেৰিয়ে বিলৰ একেবাৰে কাষ চাপি আহি বিলৰ ফালে এনেদৰে মুখ তুলি চাইছিল যেন তাই তাৰ পৰা এটা চুমাহে বিছাৰিছে। বিলে তাৰ হাতখন আগবঢই দিলে। তাই হাতখন খামোচ মাৰি ধৰি কলে মই এতিয়া নিউইয়কৰ্তে থাকো।
                  “হয় নেকি!” বিলে সুন্দৰকৈ হাঁহিলে। তাৰ দুচকুত ফুটি উঠিল তীব্ৰ এক ভ্ৰৃকুটিৰ ভাব। 
                   “তুমি ক’ত আছা কি কৰিছা সেইবোৰ ভাবিলে সঁচাকৈয়ে মই বৰকৈ ভাবুক হৈ পৰো বিল৷”
            “মই এতিয়া ওকালতি কৰো। ডাউন টাউনত এটা কাৰ্যালয়ো খুলিছো।”
            “বিয়া কৰাইছা?”
            “বিয়া কৰাইছো। দুটা সনতানৰ বাপেকো হৈছো।”
             “বাপৰে হয় নেকি?”
            পাকৰ্খনৰ যি ঠাইত সিহঁত দুটাই কথা পাতি আছিল সেই ঠাইখিনিৰ আশে পাশে আৰু অন্য বহু মানুহৰেই সমাবেশ হৈছিল। সিহঁত দুটাই সেই মানুহবোৰৰ কাকোৱে চিনি নাপায়। সায়াহ্নপৰৰ সেই সময়খিনি সঁচাকৈয়ে অপৰূপ হৈ উঠিছিল। ক্ৰমশঃ ৰাতিৰ গভৰ্ত প্ৰৱেশ কৰা দিনটোৰ ঈৰ্ষৎ পোহৰ আৰু ঠাণ্ডা ঠাণ্ডা এটা ভাবে চৌপাশৰ পৰিবেশটো যেন বৰ বিষন্ন কৰি তুলিছিল।
            “বাৰু এতিয়া তোমাৰ খবৰ কোৱাচোন?” অতি সাধাৰণ ভাবেৰেই বিলে সুধিছিল।
            “আমাৰ তিনিটা সন্তান। মই কলম্বিয়াৰ এটা কাৰ্যালয়ত কাম কৰি আছো।”
           “তোমাক কিন্তু ভীষণ........(বিলে ক’ব খুজিছিল বয়সীয়াল যেন লগা বুলি) যাওক বাৰু  কোৱাচোন আৰু কিবা কিবি খবৰ।” বিলৰ মনোভাব বুজাত মেৰিয়ে অলপো অসুবিধা নাপালে।
        ৱাছিংটন স্কোৱাদৰ সেই আমন-জিমন গ’ধূলিৰ সময়খিনিত বিলৰ স’তে এজোপা গছৰ তলত থিয় হৈ তাই যেন ঘূৰি গৈছিল অতীতৰ এখন ধূসৰ জগতলৈ। বিলৰ শাৰীৰিক পৰিবতৰ্ন বৰ বেছি হোৱা নাই। অথচ তাই দেখাত বিলতকৈ বহুত বয়সীয়াল যেন হৈ পৰিছে। যদিও বিল আৰু তাইৰ বয়স প্ৰায় সমানেই, তথাপিও সময়ে যেন তাইৰ চকু মুখত বিলতকৈ বহুত বেছি আঁক-বাক আঁকি দিছে।
         মেৰিয়ে বৰ বিষন্ন ভাবেৰে কৈছিল- “আমি চেণ্ট্ৰেল পাকৰ্ৰ পশ্চিম ফালে থাকো। এদিন আমাৰ ঘৰলৈ আহিবাচোন।”
         “নিশ্চয় নিশ্চয, তোমালোকেও কিন্তু এদিন আমাৰ ঘৰলৈ আহিব লাগিব। এটা কাম কৰিবা এদিন ৰাতিলৈ আমাৰ ঘৰত এসাজ খাওঁ বুলিয়েই আহিবা। তোমালোক অহিলে লুচিলি আৰু মই সঁচাকৈয়ে বৰ সুখী হ’ম।”
         পাকৰ্ৰ গছবোৰৰ পাতবোৰ সৰি পৰিছিল। শৰতৰ স্নিগ্ধ আকাশখনে যেন কিবা এক বিষাদ সিক্ত সুৰেৰে গুনগুনাইছিল। বিল আৰু মেৰিৰ মনটো সেই সময়খিনিত কিবা এক চিনা-নিচিনা অনুভূতিৰে ভৰি পৰিছিল। সন্ধিয়াটো সিহঁত দুটাৰ কাৰণে হৈ পৰিছিল বতৰ্মানৰ মাজত অতীতক হেৰুৱাই পেলোৱা মায়া সনা কৰুণ ভৈৰবী ৰাগৰ দৰে।
         “বিল তোমালোকৰ লগত সিদৰে একেলগে বহিব পাৰিলে আমাৰো নিশ্চয় বৰ ভাল লাগিব।”
         হঠাৎ পাকৰ্ৰ বিজুলি বাতিবোৰ জ্বলি উঠিছিল। সিহঁত দুয়োৰে এনে অনুভৱ হৈছিল যেন চৌপাশৰ ঘনঘোৰ অন্ধকাৰৰ মাজত শাৰী শাৰী পোহৰৰ মালা কিছুমানহে দুলি আছে।
         “মেৰীয়ে কৈছিল বিল মোৰ যাবৰ সময় হ’লেই। বাছখন আহি পালেই।”
         বিলে মেৰিৰ হাতখন লাহেকৈ খামুচি ধৰি কৈছিল- “এতিয়ালৈ বিদায় মেৰি।”
         ইতিমধ্যে বাছখন আহি পাইছিল আৰু মেৰিয়ে মানুহেৰে ঠাহ খাই অহা বাছখনত ঠেলি হেঁচি কোনোমতে প্ৰৱেশ কৰিছিল। “তুমি কিন্তু.......” মেৰিয়ে কিবা ক’ব খুজিছিল। বাছখন কিন্তু ইতিমধ্যে চলিবলৈ অৰম্ভ কৰিছিল। বিলৰ দৃষ্টিৰ পৰিসীমাৰ ভিতৰত থকা বিজুলী বাতিবোৰৰ আগেৰে বাছখন পাৰ হৈ যাওঁতে অলপ সময়ৰ কাৰণে বিজুলি বাতিবোৰ বিলৰ দৃষ্টিৰ পৰা লুকাই পৰি পুনৰ জিলিকি উঠিছিল। বাছখনৰ ভিতৰৰ পৰা তাই কোনো কথাই ক’ব পৰা অৱস্থা নাছিল। হঠাৎ তাই জোৰেৰে চিঞৰি উঠিছিল “বিদায় বিল...৷”
         ঠিক সেই মুহূতৰ্ত বাছখনৰ দুৱাৰখন বন্ধ হৈ গৈছিল। বিলে মেৰিয়ে চিঞৰি চিঞৰি কোৱা কথাখিনিৰ একোৱে শুনা নাছিল। বাছখনে ক্ৰমশঃ দ্ৰত বেগত গতি কৰিবলৈ আৰম্ভ কৰিছিল। গোটেই সময়খিনিত ৰাস্তাটোৰে বহুত মানুহে ব্যস্ততাৰে অহা যোৱা কৰি আছিল। সেইসকল মানুহৰ কাকোৱেই সিহঁত দুটাই চিনি নাপায়। বহুত মানুহ আৰু তাৰ মাজতেই যেন কিবা এক নিজৰ্নতা। ইতিমধ্যে বাছখন যথেষ্ট দূৰলৈ আঁতৰি গৈছিল। সেই মুহূতৰ্ত মেৰিৰ মনত পৰিছিল যে তাই বিলক তাইৰ ঠিকনাটো দিবলৈ পাহৰিলে আৰু বিলৰ ঠিকনাটোও তাই ৰাখিবলৈ পাহৰি গ’ল। আনকি তাক এইটোও কোৱা নহ’ল যে তাইৰ ডাঙৰ ল’ৰাটোৰ নামো তাই বিল ৰাখিছে৷

ৰঙালী বিহু - এটি টোকা (অবতৰৰ চিন্তা)


                 ৰঙালী বিহু অসমৰ আটাইতকৈ গুৰুত্বপূণৰ্ উৎসৱ। এই উৎসৱটোৰ লগত অসমৰ অন্য প্ৰায়বোৰ উৎসৱৰ এটা মূল পাথৰ্ক্য হ’ল এই উৎসৱটোৰ মাজত থকা ধমৰ্নিৰপেক্ষ চৰিত্ৰ অন্য প্ৰায়বোৰ উৎসৱত দেখা নাযায়। যদিও ৰঙালী বিহুৰ আজিৰ ৰূপটোৰ উৎস মূলতঃ উজনি অসমৰ লোক পৰমপৰা তথাপিও আজি কিন্তু অসমৰ প্ৰায়খিনি অঞ্চলতে এই বিহুটি সাবৰ্জনীন ৰূপত পালন কৰাৰ প্ৰৱণতা এটি গঢ়ি উঠিছে। আগাৰি নামনি অসমৰ ব’হাগ বিহুৰ ৰূপ উজনি অসমতকৈ বহুখিনি বেলেগধৰণৰ আছিল। নামনি অসমত কোনোকালে বিহুৰ নামত ডেকা-গাভৰুৱে যৌৱন-উদ্দীপক নাচ-গান কৰাৰ পৰমপৰাটো নাছিল। তাৰ পৰিবৰ্তে নামনি অসমৰ অঞ্চল বিশেষে নিজ নিজ পৰমপৰাৰে বিহু পালন কৰা হৈছিল। উদাহৰণ স্বৰূপে বৰপেটাৰ দৰে সত্ৰৰ প্ৰভাৱ থকা ঠাইত বিহু আছিল সত্ৰীয়া পৰমপৰাত পালন কৰা এটি উৎসৱ। বৰপেটাত বিহু উপল্যে যিবোৰ আচাৰ-ৰীতি পালন কৰা হৈছিল তাৰে যিখিনি লোকাচাৰ সেইখিনিক বাদ দি বাকী সকলোখিনিয়ে কিন্তু পৰিশীলিত ৰূপৰ সত্ৰীয়া পৰমপৰাহে আছিল। আকৌ নামনি অসমৰ গোৱালপাৰা অঞ্চলত বিহুক বিষুৱা বুলিহে জনা গৈছিল। গোৱালপাৰা জিলাৰ এই বিষুৱা উৎসৱটোতো কিছু স্বকীয় বৈশিষ্ট্য আছিল আৰু এই উৎসৱটিতো উজনি অসমৰ বিহু-পৰমপৰাৰ কোনো ছাপ নাছিল। যদিও উজনি অসমৰ বিহু পৰমপৰাক আমি ধৰ্ম নিৰপেক্ষ বুলি ক’ব পাৰো তথাপিও কিন্তু এই বিহুৰ আচাৰ-নীতিৰ মাজত হিন্দু ধৰ্মীয় পৰমপৰাৰ প্ৰভাৱ বহু পৰিমাণে আছিল। তাৰ অৰ্থ কিন্তু এইটো নাছিল যে অসমীয়া মুছলমান সকলে বিহুত নিজস্ব ধৰণে কিছু নিয়ম-নীতি পালন কৰা নাছিল। অসমীয়া মুছলমানসকলৰ মাজতো বিহুৰ সময়ত পালনীয় কিছুমান আচাৰ-ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। কিন্তু উজনি অসমৰ থলুৱা মুছলমানসকলে (যিসকল বাংলাদেশী মূলৰ মুছলমান নহয়) নৃত্য-গীতৰ পৰমপৰাৰেই বিহু পালন কৰে । অৱশ্যে বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত বিহু পালনৰ পৰমপৰা স্বাভাৱিকতে নাই। কাৰণ তেওঁলোকে অসমলৈ তেতিয়া আহিছে যেতিয়া বিহুৱে তাৰ স্বাভাৱিক ৰূপ হেৰুৱাই মঞ্চ বিহুলৈ ৰূপানতৰিত হৈছে। স্বাভাৱিকতে লোক পৰমপৰাই যিদৰে অন্য সংস্কৃতিৰ লগত সংশ্লেষিত হয় সিদৰে অভিজাত সংস্কৃতি অথবা কৃত্ৰিম হৈ পৰা সংস্কৃতিয়ে অন্য এটা সংস্কৃতিৰ লগত সংশ্লেষিত নহয়। গতিকে এক লোক পৰমপৰা হিচাপে বিহুৱে এটা সময়ত নতুনকৈ অসমলৈ অহা কোনো এটা জনগোষ্ঠীৰ শিপাডাল স্পৰ্শ কৰিব পাৰিছিল তাৰ বিপৰীতে আধুনিক ৰূপৰ মঞ্চ বিহুৱে সেই গুণটো হেৰুৱাই পেলাইছে। এতিয়া অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলে ছেগাচোৰোকাকৈ ক’ৰবাত মঞ্চ বিহু পাতিলেও সেই মঞ্চ বিহু ৰং-ধেমালি কৰাৰ উদ্দেশ্যে পতা বিহুৰ বাহিৰে সেই সম্প্ৰদায়ৰ মূলক স্পৰ্শ কৰিব পৰা বিধৰ সংস্কৃতি হ’ব নোৱাৰে। অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলৰ বাহিৰে প্ৰায় সকলো জনগোষ্ঠীৰ মাজতেই বিহুৰ পৰমপৰা আছে বুলি ক’ব পাৰো। অৱশ্যে বিহু পালনৰ জনগোষ্ঠীয় পৰমপৰাবোৰৰ মাজত বহুখিনি অমিল দেখা যায়। কিন্তু ৰঙালী বিহুত পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা নিবেদন কৰা, পাৰিলে নিজৰ আপোনজনক এদুখুৰি ন-কাপোৰ দিয়া, কিছু ৰং-ধেমালি কৰা, ভালদৰে এসাজ খোৱাৰ পৰমপৰা অসমৰ প্ৰায় সকলো সমপ্ৰদায়ৰ মাজতেই আছে। কোনো এখন ঠাইৰ ঋতুকালীন উৎসৱবোৰ সাধাৰণতে সকলো সমপ্ৰদায়ৰে সমভাবাপন্ন উৎসৱ হৈ পৰে। উদাহৰণ হিচাপে অসমৰ প্ৰায়বোৰ সমপ্ৰদায়ৰ মাজতেই কিছু ভিন্ন ভিন্ন ধৰণে বসন্ত উৎসৱ পালন কৰা হয়। তাৰভিতৰত উজনি অসমৰ মূলত অসমীয়া ভাষী নাইবা মূল অসমীয়া ভাষীৰ দ্বাৰা প্ৰভাবান্বিত জনগোষ্ঠীসমূহ যেনে দেউৰী, মিছিং, সোণোৱাল কছাৰি, মৰান, মটক আদিৰ মাজত সমৰূপৰ বিহু উৎসৱ পালনৰ পৰমপৰা আছিল। এই বিহুৰ ৰূপটি মূলত আছিল ডেকা-গাভৰুৰ নাচ-গানেৰে চঞ্চল, হাঁহি-আনন্দৰ বতৰা বিলোৱাৰ হাবিয়াসেৰে মূখৰিত। ব’হাগ মাহত যেতিয়া প্ৰকৃতি ভৰযৌৱনা হৈ পৰে, কুলি-কেতেকীৰ মাতে আকাশ কঁপাই তোলে, বৰদৈচিলাজনীয়ে হিলদল ভাঙি পাৰ হৈ যায়- আপোন মাটিৰ এই উদ্বীপক পৰিৱেশে অসমৰ মানুহৰ মনবোৰো ভৰাই তোলে। তেনে পৰিৱেশত ডেকা-গাভৰুৰ মনত যৌৱনৰ ধুমুহা নবলাৰ কোনো কাৰণেই থাকিব নোৱাৰে। নিজান পথাৰত চফল ডেকাৰ পেঁপাৰ মাত শুনি ঘৰৰ গাভৰুজনীৰ মন চঞ্চল হৈ পৰাটো স্বাভাৱিক। সেই আনন্দতে ডেকাটিৰ লগত পথৰুৱা পৰিৱেশত এপাক নাচ-গান কৰাৰ বাবে তাই ব্যাকুল হৈ পৰে। বিহুৰ এই ৰূপটো এসময়ত বৰ পৰিচিত আছিল অসমত, বিশেষকৈ উজনি অসমত। কিন্তু মূলত লোক-সমাজতহে তথাকথিত শিষ্ট সমাজত নহয়। বিহুৰ এনে ৰূপৰ মাজত যদিও কিছু আপত্তিজনক বস্তু আছে বুলি কোৱাৰ অৱকাশ আছে আৰু ঊনৈশ শতিকাৰ অসমৰ বিদ্বৎ সমাজৰ একাংশই বিহুৰ এনে দিশক লৈ অতি বেয়াকৈ মন্তব্য দিছিল তথাপিও কিন্তু আদিম কৃষ্টি হিচাপে বিহুৰ এনে ৰূপত কোনো অস্বাভাৱিকতা নাছিল। কাৰণ কৃষিৰ লগত সমপৃক্ত উৎসৱ এটিত কিছু এনে কথা থাকেই; তাক আমি অস্বাভাৱিকতা বুলি ক’ব নোৱাৰো। প্ৰাচীন উবৰ্ৰতামূলক যাদু অনুষ্ঠানত এনে ধৰণৰ যৌন জীৱনৰ লগত সমপকৰ্ থকা আচাৰ-আচৰণ থকাটো এশ শতাংশই স্বভাৱিক আছিল। এষাৰতেই বিহুক আমি তেনে এটি আদিম উবৰ্ৰতামূলক অনুষ্ঠানৰ অৱশিষ্ট বুলি ক’ব পাৰো। গতিকে বিহুৰ মাজত থকা এনে ধৰণৰ যৌৱনৰ উচ্ছাসপূণৰ্ নাচ-গানক আমি বহুক্ষেত্ৰত কিছু আপত্তিজনক বুলি ক’ব খুজিলেও তাৰ স্বাভাৱিকতাক মানি ল’বলৈ বাধ্য।
                 বিহু মূলত কৃষি উৎসৱ। কৃষি উৎসৱ হিচাপে বিহুৱে মানুহৰ মৌলিক প্ৰয়োজনৰ লগত যুক্ত হৈ আছিল। গতেকে বিহুত মানুহৰ লোক ধমৰ্ৰ প্ৰভাৱ যিমানখিনি আছিল পৰিশীলীত ধমৰ্মতৰ প্ৰভাৱ সিমানখিনি নাছিল। ফলস্বৰূপে বিহুৱে অসমৰ মানুহক ধৰ্মীয় সংকীণৰ্তাৰ বন্ধনৰ পৰা মুক্ত কৰি এটা সাবৰ্জনীন ভাবাদশৰ্ন দিয়াত এটা সময়লৈ সহায়তা কৰিছিল। মই এটা সময়লৈ বুলিহে কৈছো। কাৰণ বতৰ্মান সেই ভাবাদশৰ্ন সৃষ্টিৰ পৰিৱেশ আমি হেৰুৱাই পেলাইছো। তথাপিও এটা কথা ক’ব পাৰি যে তেনে পৰিৱেশ সৃষ্টিৰ বাবে আমি আমাৰ মানসিকতালৈ কিছু পৰিবতৰ্ন আনিব লাগিব। তেনেদৰে বিহুক সাবৰ্জনীন কৰি তোলাৰ ক্ষেত্ৰত আমি অকল উজনীয়া বিহুৰ ৰূপটোকে খামোছ মাৰি ধৰিলে নহ’ব। অসমৰ অন্য জনগোষ্ঠীৰ বিহু সম্পৰ্কীয় আচাৰ-নীতিকো কিছু পৰিবৰ্তিত ৰূপত বিহু পালনৰ লগত যুক্ত কৰাৰ চিন্তা কৰিব লাগিব। উদাহৰণ হিচাপে আমি যেতিয়া বৰকৈ জাতীয় সাজ-পাৰ, জাতীয় সাহিত্য, জাতীয় সংগীত আদিৰ কথা কওঁ তেতিয়া এটা কেৰোণ আহি পৰে। উদাহৰণ হিচাপে অসমৰ মহিলাৰ জাতীয় সাজ-পাৰ কি বুলি সুধিলে আমি চাদৰ-মেখেলাৰ কথাকেই কওঁ। কিন্তু কথাটো আমি যদি এষাৰতে মানি ল’ব লাগে তেন্তে বড়োসকলৰ দখনা নামৰ মহিলাৰ সাজযোৰকো আমি চাদৰ-মেখেলা বুলিয়েই ক’ম নেকি? আমি মনত ৰখাৰ প্ৰয়োজন যে অসমৰ জনগোষ্ঠীবোৰৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভাব দৃঢ কৰাৰ বাবে জাতীয় সাজ-পাৰৰ দৰে কথাবোৰত অলপ কম গুৰুত্ব দিয়াটোৱে সমীচীন হ’ব নেকি? জেং বিহুৰ বাকৰিত ৰং বং টেৰাঙক তেওঁ পিন্ধি যোৱা সাজযোৰেৰেই বক্তৃতা দিবলৈ দিয়া হ’লে অসমৰ জাতীয় জীৱনৰ বৰ বেছি ক্ষতি হয়তো নহ’লহেঁতেন। ৰং বং টেৰাঙ মূল সুঁতিৰ অসমীয়া ভাষী নহয়। আমি মূল সুঁতিৰ অসমীয়া ভাষীসকলে যিমানেই সকলো জনগোষ্ঠীক ধৰি বৃহৎ অসমীয়া জাতি গঠনৰ কথা নকওঁ কিয় আমাৰ মনস্তত্বত কিন্তু সদায়ে অসমীয়া ভাষী মানেই অসমীয়া ধাৰণাটো ৰৈ আছে। তাক সহজে মচি পেলাবও নোৱাৰি। গতিকে আমি মূল সুঁতিৰ অসমীয়া ভাষীসকলে যিমানেই নিচিঞৰো কিয় ৰং বং টেৰাঙক কিন্তু আমি এষাৰতে অসমীয়া বুলি নকওঁ বা ক’ব নেখোজো। মই ভাবো মই কোৱা এই কথাটো আমি আনুষ্ঠানিকভাৱে ক’বলৈ নোখোজা এটা সঁচা কথা। অৰ্থাৎ অসমৰ প্ৰায় সকলোবোৰ মূল সুঁতিৰ অসমীয়া ছাত্ৰনেতা, ৰাজনৈতিক নেতা নাইবা বুদ্ধিজীৱীয়ে বৃহৎ অসমীয়া জাতিৰ কথা কৈ টেঁটু ফালি থাকে কিন্তু এতিয়াও অসমত এটা সুস্থ সৱল সৃষ্টিশীল জাতিগোট (মই জাতি বুলি কোৱা নাই) গঠন কৰাৰ মানসিকতা আমাৰ মাজত গঢ লৈ উঠা নাই যিটো জাতি গোটত সকলোবোৰ জনগোষ্ঠীয়ে নিজৰ ভাষা-সংসকৃতি-সাহিত্যৰ উপযুক্ত স্বীকৃতিৰে জীয়াই থাকিবলৈ সক্ষম হ’ব, সামগ্ৰিকভাৱে পশ্চিমীয়া সমপ্ৰসাৰণবাদ হিন্দী সমপ্ৰসাৰণবাদ (যিটো এতিয়া আমাৰ বাবে আটাইতকৈ বপিদজনক বস্তু)ৰ বপিদে যিটো জাতি গোটক টেঁটুত চেপি নধৰিব। পূৱৰ্তে হোৱাৰ দৰে নাইবা মই এতিয়া ব্যক্তিগতভাৱে আশা কৰাৰ দৰে নেফামিজ-নাগামিজৰ দৰে অসমীয়া ভাষা সম্ভূত সংযোগী ভাষাই সকলোবোৰ জনগোষ্ঠীকেই ভাব আদান প্ৰদানৰ সুযোগ প্ৰদান কৰিব। এনে ক্ষেত্ৰত কিন্তু মূল অসমীয়া ভাষাটোক অন্য জনগোষ্ঠীবোৰে সমপ্ৰসাৰণবাদী বুলি ক’ব নালাগিব। অসমীয়া ভাষা-সাহিত্য-সংসকৃতিলৈ অসমৰ জনগোষ্ঠীবোৰৰ অৱদান অপৰিসীম। মেদিনী মোহন চৌধুৰী, সীতানাথ ব্ৰহ্মচৌধুৰী, ভৱেন নাৰ্জী, ৰং বং টেৰাঙ, লুম্বেৰ ডাই, নাহেন্দ্ৰ পাদুন, জীৱন নৰহ, উজ্বল পামেগাম, সনন্ত তাঁতী, সমীৰ তাঁতী, কমল কুমাৰ তাঁতী, চিৰঞ্জীৱ জৈন, উপেন ৰাভা হাকাচাম আদিসকলক আমি সকলোৱে ভালকৈ জানো। বিষ্ণু-জ্যোতিৰ কথা বাৰু নক’লোৱেবা। এইসকল লোকে অসমীয়া ভাষালৈ যিখিনি অৱদান দিছে তাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব লাগিব (এতিয়ালৈ কম সোঁৱৰণ কৰি আছো কিন্তু)। ওপৰৰ কথাখিনিৰে মই কি ক’ব খুজিছো পাঠকসকলে নিশ্চয় বুজি পাইছে। হয় বিহু উৎসৱটিক আমি এনে চিন্তাৰ বাহক কৰি তোলাৰ সময় সমাগত। অৱশ্যে মই মোৰ চিন্তাক এতিয়াও এক ফেণটাছি বুলিহে ভাবি ৰ’লো।

                                                                                                   (বিশ্বজিৎ সূত্ৰধাৰ)