Friday, 3 May 2013


Just I can't overcome
(যেতে পারে, কিন্তু কেন যাবো...
                      -শক্তি চট্টোপাধ্যায়-)
যিবোৰ শব্দ মই লিখিব পাৰিছিলো
বাকৰুদ্ধ হোৱাৰ পিছত
সেইবোৰ কুবলাখানৰ উদ্যানতকৈও
সুন্দৰ হ’বপাৰিলেহেঁতেন

য’ত চৰায়ে গীত গায়
বতাহে উৰুৱাই নিয়ে
হালধীয়া সৰাপাত
ৰ’দালিয়ে চুমা খায় সেউজীয়াক
কোলাহলৰ মাজতো
নিজঞ্জাল হয়
তোমাৰ বেঙুনীয়া সাজপাৰ

কিমান দিন হ’ল বাৰু
এপষ, এমাহ, এবছৰ
তোমাক যে প্ৰথম লগ পাইছিলো
তুমি কালৰ বাবে সাচি ৰাখিছিলা
তোমাৰ সৰ্বস্ব শৰীৰ

মই চাব নোৱাৰো তোমাৰ চকুলৈ
চুমা খাব নোৱাৰো তোমাৰ ওঠত
কৰ্ষণ কৰিব নোৱাৰো
তোমাৰ নাভীৰ উপত্যকা

আজি ৰাতি শাৰী শাৰী
চাকি জ্বলিব
এই বাটেৰই মাৰ্কোপলো আহিব
মেগেষ্টেনিছে লিখিব
ভাৰতত দেখা
সেই অদ্ভুত মানুহটোৰ কথা
সকলো সঁচাই মিছা হৈ যাব
সকলো মিছাই সঁচা হৈ যাব
তুলাচনীত জাপ মাৰি উঠিব সত্য
আৰু
দিল্লী চহৰ চাব এক্কা গাড়ীত উঠি

মোৰ বৰ্তমানেই অতীত
যি সংঘাত জৰ্জৰ
বাঁহ-বিৰিণাৰে সজা
এটি ঘৰত
একলি বৰগীত হৈ
পাহি মেলি মেলি
তোমাৰ বুকুত হাউলি পৰিছিল
এছায়া অৰণ্য

আজিও সেই পোহৰৰ মেৰঘৰত
লখায়ে হিয়াধুনি কান্দে
‘‘... বেউলা জাগোৰে ও বেউলা জাগোৰে
মোক খাই কাল নাগে বেউলা জাগোৰে......’’
শিলৰ চোলা চিলাবলৈ
পানীৰ বেজী ক’ত

মই জানো
মই য’ত আছো
তাত মই নাই
মই য’ত থাকিব লাগিব
তাতো মই থাকিব নোৱাৰো৷
                         -বিশ্বজিত সূত্ৰধাৰ-

Sunday, 10 March 2013

Oh, life leave me alone.......... I will give you my love........
Offfffff.. sense is love that envelopes me surrounding ......... your bosom........ content of feelings..... where do you live...?

Thursday, 31 January 2013

Friday, 9 November 2012

দয়াল চন্দ্ৰ সূত্ৰধাৰ

“দয়াল চন্দ্ৰ সূত্ৰধাৰ” অসমৰ সত্ৰীয়া সংগীত ঐতিহ্যৰ এজন প্ৰসিদ্ধ শিল্পী আছিল৷ বৰপেটা সত্ৰত বংশৰা বুলি এষাৰ কথা আছে৷ বংশৰা হ’ল মথুৰা দাস বুঢ়া আতাই সত্ৰীয়া গীত-মাতৰ সংৰক্ষণ-চৰ্চাৰ বাবে আৰু সত্ৰৰ দৈনন্দিন পাঠ-প্ৰসংগ নিয়াৰিকৈ চলাই নিবৰ বাবে নিয়োগ কৰা কেইটামান বংশ৷ যথা তেনে বংশৰা কেইটামান হ’ল ক্ৰমে সূত্ৰধাৰ বংশ, আঘোনা বায়ন বংশ, গন্ধীয়া বায়ন বংশ, পাঠক বংশ, ওজা বংশ আৰু দক্ষিণহাটী থুল৷ মথুৰা দাস বুঢ়া আতাৰ দিনৰ পৰা আজিলৈকে বৰপেটা সত্ৰত এই বংশৰাকেইটাৰ নেতৃত্বতেই সত্ৰীয়া গীত-মাত-নৃত্য ইত্যাদিৰ চৰ্চা চলি আছে৷ এই প্ৰসিদ্ধ বংশকেইটাত আজিৰ দিনলৈকে বহুসংখ্যক বিখ্যাত গায়ন-বায়ন-পাঠকৰ জন্ম হৈছে তাৰে মাজৰ এজন শিল্পী আছিল স্বৰ্গীয় দয়াল চন্দ্ৰ সূত্ৰধাৰ৷

দয়াল চন্দ্ৰ সূত্ৰধাৰ জন্ম হৈছিল অনুমানিক ১৮৯৪ চনত বৰপেটাৰ বৰহাটীত৷ তেওঁৰ দেউতাকৰ নাম আছিল উমাকান্ত সূত্ৰধাৰ আৰু মাকৰ নাম আছিল জামিনীবালা৷ উমাকান্ত সূত্ৰধাৰ সেইসময়তে এজন উচ্চ শিক্ষিত লোক আছিল৷ উমাকান্ত সূত্ৰধাৰে বৰপেটা চৰকাৰী হাইস্কুলত শিক্ষকতা কৰিছিল৷ এনে এটা উচ্চ শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা দয়াল চন্দ্ৰই সৰুৰ পৰাই নিজৰ বংশৰ দায়িত্ব পালনৰ বাবে পূৰ্বজসকলৰ ওচৰত সত্ৰীয়া গীত-মাত-নৃত্য ইত্যাদিৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিছিল৷ সেই সময়ৰ বংশৰাৰ অতি দক্ষ শিল্পীসকল ক্ৰমে হৰমোহন বায়ন, বিক্ৰীৰাম সূত্ৰধাৰ, পিতল সূত্ৰধাৰ, বলোৰাম বায়ন আদি লোকসকলৰ পৰা দয়াল চন্দ্ৰই সত্ৰীয়াগীত-মাতৰ সকলোখিনি জ্ঞান আয়ত্ব কৰি ল’বৈল সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত জ্যেষ্ঠসকলৰ প্ৰয়াণৰ পাছত দয়াল চন্দ্ৰই নিজেই সূত্ৰধাৰ বংশৰ মুখ্য সত্ৰীয়া শিল্পীৰ দায়িত্ব পালন কৰিবলগীয়া হয়৷ বৰপেটাত সূত্ৰধাৰ বংশৰ প্ৰধান সত্ৰীয়া শিল্পীৰ মৰ্যাদা লাভ কৰাটো সাধাৰণ কথা নাছিল৷ তেনে এটা দায়িত্ব সুকলমে পালন কৰা দৰাচলতে অতি কঠিন কমা৷ দায়ল চন্ত্ৰই সেই কাম নিয়াৰীকৈ চলাই নিবলৈ সক্ষম হৈছিল৷ বৃত্তিত স্কুল শিক্ষকৰ কাম কৰা দয়াল চন্দ্ৰ হ’ল অসমৰ প্ৰথম ৰেডিও যোগে বৰগীত পৰিৱেশন কৰা শিল্পী৷ তেওঁ ১৯৪১ চনতেই কলিকতা ৰেডিঅ’ কেন্দ্ৰৰ পৰা বৰগীত পৰিৱেশন কৰিছিল৷ তাৰ পিছত ১৯৪৮ চনৰ পৰা তেওঁ গুৱাহাটী ৰেডিঅ’ কেন্দ্ৰতো নিয়মীয়াকৈ বৰগীত পৰিৱেশন কৰিছিল৷ ইয়াৰোপৰি দয়াল চন্দ্ৰই কংগ্ৰেছৰ জয়পুৰ আৰু পাণ্ডু অধিৱেশনত বৰগীত পৰিৱেশন কৰিছিল৷ কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত দয়াল চন্দ্ৰৰ বৰগীত শুনি মহামানৱ মহাত্মা গান্ধীয়ে নিজৰ বহা আসনৰ পৰা উঠি আহি দয়াল চন্দ্ৰৰ মূৰত হাত বুলাই আশিৰ্বাদ দিছিল৷ অসম প্ৰতিভাৰ এইজন সত্ৰীয়া শিল্পীয়ে গোটেই অসমতে বৰগীত আৰু অংকৰ গীতৰ এক প্ৰশিক্ষণ কাৰ্যসূচী চলাইছিল৷ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ৰূপায়িত এই প্ৰশিক্ষণত অসমৰ প্ৰায়খিনি পিছৰ প্ৰজন্মৰ শিল্পীয়ে দয়াল চন্দ্ৰ পৰা বৰগীতৰ শিক্ষা লাভ কৰিছিল৷ দয়াল চন্দ্ৰৰ পৰা বৰগীতৰ প্ৰশিক্ষণ লাভ কৰা কেইজনমান বিখ্যাত শিল্পী হ’ল ক্ৰমে ভূপেন হাজৰিকা, বীৰেন দত্ত, নীলকান্ত সূত্ৰধাৰ, লক্ষ্যহীৰা দাস, খগেন মহন্ত, নিকুঞ্জলতা মহন্ত, ৰসেশ্বৰ শইকীয়া বায়ন, ৰূপজ্যোতি ওজা, সুপ্ৰভা দাস, স্বৰ্ণলতা দাস ইত্যাদি৷ অসমৰ সত্ৰীয়া সংগীতৰ এইজন মহান শিল্পীৰ মৃত্যু হয় ১৯৭৯ চনত বৰপেটা গণককুছিৰ নিজ বাসভৱনত