Monday, 5 November 2012

ৰঙালী বিহু - এটি টোকা (অবতৰৰ চিন্তা)


                 ৰঙালী বিহু অসমৰ আটাইতকৈ গুৰুত্বপূণৰ্ উৎসৱ। এই উৎসৱটোৰ লগত অসমৰ অন্য প্ৰায়বোৰ উৎসৱৰ এটা মূল পাথৰ্ক্য হ’ল এই উৎসৱটোৰ মাজত থকা ধমৰ্নিৰপেক্ষ চৰিত্ৰ অন্য প্ৰায়বোৰ উৎসৱত দেখা নাযায়। যদিও ৰঙালী বিহুৰ আজিৰ ৰূপটোৰ উৎস মূলতঃ উজনি অসমৰ লোক পৰমপৰা তথাপিও আজি কিন্তু অসমৰ প্ৰায়খিনি অঞ্চলতে এই বিহুটি সাবৰ্জনীন ৰূপত পালন কৰাৰ প্ৰৱণতা এটি গঢ়ি উঠিছে। আগাৰি নামনি অসমৰ ব’হাগ বিহুৰ ৰূপ উজনি অসমতকৈ বহুখিনি বেলেগধৰণৰ আছিল। নামনি অসমত কোনোকালে বিহুৰ নামত ডেকা-গাভৰুৱে যৌৱন-উদ্দীপক নাচ-গান কৰাৰ পৰমপৰাটো নাছিল। তাৰ পৰিবৰ্তে নামনি অসমৰ অঞ্চল বিশেষে নিজ নিজ পৰমপৰাৰে বিহু পালন কৰা হৈছিল। উদাহৰণ স্বৰূপে বৰপেটাৰ দৰে সত্ৰৰ প্ৰভাৱ থকা ঠাইত বিহু আছিল সত্ৰীয়া পৰমপৰাত পালন কৰা এটি উৎসৱ। বৰপেটাত বিহু উপল্যে যিবোৰ আচাৰ-ৰীতি পালন কৰা হৈছিল তাৰে যিখিনি লোকাচাৰ সেইখিনিক বাদ দি বাকী সকলোখিনিয়ে কিন্তু পৰিশীলিত ৰূপৰ সত্ৰীয়া পৰমপৰাহে আছিল। আকৌ নামনি অসমৰ গোৱালপাৰা অঞ্চলত বিহুক বিষুৱা বুলিহে জনা গৈছিল। গোৱালপাৰা জিলাৰ এই বিষুৱা উৎসৱটোতো কিছু স্বকীয় বৈশিষ্ট্য আছিল আৰু এই উৎসৱটিতো উজনি অসমৰ বিহু-পৰমপৰাৰ কোনো ছাপ নাছিল। যদিও উজনি অসমৰ বিহু পৰমপৰাক আমি ধৰ্ম নিৰপেক্ষ বুলি ক’ব পাৰো তথাপিও কিন্তু এই বিহুৰ আচাৰ-নীতিৰ মাজত হিন্দু ধৰ্মীয় পৰমপৰাৰ প্ৰভাৱ বহু পৰিমাণে আছিল। তাৰ অৰ্থ কিন্তু এইটো নাছিল যে অসমীয়া মুছলমান সকলে বিহুত নিজস্ব ধৰণে কিছু নিয়ম-নীতি পালন কৰা নাছিল। অসমীয়া মুছলমানসকলৰ মাজতো বিহুৰ সময়ত পালনীয় কিছুমান আচাৰ-ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। কিন্তু উজনি অসমৰ থলুৱা মুছলমানসকলে (যিসকল বাংলাদেশী মূলৰ মুছলমান নহয়) নৃত্য-গীতৰ পৰমপৰাৰেই বিহু পালন কৰে । অৱশ্যে বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত বিহু পালনৰ পৰমপৰা স্বাভাৱিকতে নাই। কাৰণ তেওঁলোকে অসমলৈ তেতিয়া আহিছে যেতিয়া বিহুৱে তাৰ স্বাভাৱিক ৰূপ হেৰুৱাই মঞ্চ বিহুলৈ ৰূপানতৰিত হৈছে। স্বাভাৱিকতে লোক পৰমপৰাই যিদৰে অন্য সংস্কৃতিৰ লগত সংশ্লেষিত হয় সিদৰে অভিজাত সংস্কৃতি অথবা কৃত্ৰিম হৈ পৰা সংস্কৃতিয়ে অন্য এটা সংস্কৃতিৰ লগত সংশ্লেষিত নহয়। গতিকে এক লোক পৰমপৰা হিচাপে বিহুৱে এটা সময়ত নতুনকৈ অসমলৈ অহা কোনো এটা জনগোষ্ঠীৰ শিপাডাল স্পৰ্শ কৰিব পাৰিছিল তাৰ বিপৰীতে আধুনিক ৰূপৰ মঞ্চ বিহুৱে সেই গুণটো হেৰুৱাই পেলাইছে। এতিয়া অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলে ছেগাচোৰোকাকৈ ক’ৰবাত মঞ্চ বিহু পাতিলেও সেই মঞ্চ বিহু ৰং-ধেমালি কৰাৰ উদ্দেশ্যে পতা বিহুৰ বাহিৰে সেই সম্প্ৰদায়ৰ মূলক স্পৰ্শ কৰিব পৰা বিধৰ সংস্কৃতি হ’ব নোৱাৰে। অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলৰ বাহিৰে প্ৰায় সকলো জনগোষ্ঠীৰ মাজতেই বিহুৰ পৰমপৰা আছে বুলি ক’ব পাৰো। অৱশ্যে বিহু পালনৰ জনগোষ্ঠীয় পৰমপৰাবোৰৰ মাজত বহুখিনি অমিল দেখা যায়। কিন্তু ৰঙালী বিহুত পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা নিবেদন কৰা, পাৰিলে নিজৰ আপোনজনক এদুখুৰি ন-কাপোৰ দিয়া, কিছু ৰং-ধেমালি কৰা, ভালদৰে এসাজ খোৱাৰ পৰমপৰা অসমৰ প্ৰায় সকলো সমপ্ৰদায়ৰ মাজতেই আছে। কোনো এখন ঠাইৰ ঋতুকালীন উৎসৱবোৰ সাধাৰণতে সকলো সমপ্ৰদায়ৰে সমভাবাপন্ন উৎসৱ হৈ পৰে। উদাহৰণ হিচাপে অসমৰ প্ৰায়বোৰ সমপ্ৰদায়ৰ মাজতেই কিছু ভিন্ন ভিন্ন ধৰণে বসন্ত উৎসৱ পালন কৰা হয়। তাৰভিতৰত উজনি অসমৰ মূলত অসমীয়া ভাষী নাইবা মূল অসমীয়া ভাষীৰ দ্বাৰা প্ৰভাবান্বিত জনগোষ্ঠীসমূহ যেনে দেউৰী, মিছিং, সোণোৱাল কছাৰি, মৰান, মটক আদিৰ মাজত সমৰূপৰ বিহু উৎসৱ পালনৰ পৰমপৰা আছিল। এই বিহুৰ ৰূপটি মূলত আছিল ডেকা-গাভৰুৰ নাচ-গানেৰে চঞ্চল, হাঁহি-আনন্দৰ বতৰা বিলোৱাৰ হাবিয়াসেৰে মূখৰিত। ব’হাগ মাহত যেতিয়া প্ৰকৃতি ভৰযৌৱনা হৈ পৰে, কুলি-কেতেকীৰ মাতে আকাশ কঁপাই তোলে, বৰদৈচিলাজনীয়ে হিলদল ভাঙি পাৰ হৈ যায়- আপোন মাটিৰ এই উদ্বীপক পৰিৱেশে অসমৰ মানুহৰ মনবোৰো ভৰাই তোলে। তেনে পৰিৱেশত ডেকা-গাভৰুৰ মনত যৌৱনৰ ধুমুহা নবলাৰ কোনো কাৰণেই থাকিব নোৱাৰে। নিজান পথাৰত চফল ডেকাৰ পেঁপাৰ মাত শুনি ঘৰৰ গাভৰুজনীৰ মন চঞ্চল হৈ পৰাটো স্বাভাৱিক। সেই আনন্দতে ডেকাটিৰ লগত পথৰুৱা পৰিৱেশত এপাক নাচ-গান কৰাৰ বাবে তাই ব্যাকুল হৈ পৰে। বিহুৰ এই ৰূপটো এসময়ত বৰ পৰিচিত আছিল অসমত, বিশেষকৈ উজনি অসমত। কিন্তু মূলত লোক-সমাজতহে তথাকথিত শিষ্ট সমাজত নহয়। বিহুৰ এনে ৰূপৰ মাজত যদিও কিছু আপত্তিজনক বস্তু আছে বুলি কোৱাৰ অৱকাশ আছে আৰু ঊনৈশ শতিকাৰ অসমৰ বিদ্বৎ সমাজৰ একাংশই বিহুৰ এনে দিশক লৈ অতি বেয়াকৈ মন্তব্য দিছিল তথাপিও কিন্তু আদিম কৃষ্টি হিচাপে বিহুৰ এনে ৰূপত কোনো অস্বাভাৱিকতা নাছিল। কাৰণ কৃষিৰ লগত সমপৃক্ত উৎসৱ এটিত কিছু এনে কথা থাকেই; তাক আমি অস্বাভাৱিকতা বুলি ক’ব নোৱাৰো। প্ৰাচীন উবৰ্ৰতামূলক যাদু অনুষ্ঠানত এনে ধৰণৰ যৌন জীৱনৰ লগত সমপকৰ্ থকা আচাৰ-আচৰণ থকাটো এশ শতাংশই স্বভাৱিক আছিল। এষাৰতেই বিহুক আমি তেনে এটি আদিম উবৰ্ৰতামূলক অনুষ্ঠানৰ অৱশিষ্ট বুলি ক’ব পাৰো। গতিকে বিহুৰ মাজত থকা এনে ধৰণৰ যৌৱনৰ উচ্ছাসপূণৰ্ নাচ-গানক আমি বহুক্ষেত্ৰত কিছু আপত্তিজনক বুলি ক’ব খুজিলেও তাৰ স্বাভাৱিকতাক মানি ল’বলৈ বাধ্য।
                 বিহু মূলত কৃষি উৎসৱ। কৃষি উৎসৱ হিচাপে বিহুৱে মানুহৰ মৌলিক প্ৰয়োজনৰ লগত যুক্ত হৈ আছিল। গতেকে বিহুত মানুহৰ লোক ধমৰ্ৰ প্ৰভাৱ যিমানখিনি আছিল পৰিশীলীত ধমৰ্মতৰ প্ৰভাৱ সিমানখিনি নাছিল। ফলস্বৰূপে বিহুৱে অসমৰ মানুহক ধৰ্মীয় সংকীণৰ্তাৰ বন্ধনৰ পৰা মুক্ত কৰি এটা সাবৰ্জনীন ভাবাদশৰ্ন দিয়াত এটা সময়লৈ সহায়তা কৰিছিল। মই এটা সময়লৈ বুলিহে কৈছো। কাৰণ বতৰ্মান সেই ভাবাদশৰ্ন সৃষ্টিৰ পৰিৱেশ আমি হেৰুৱাই পেলাইছো। তথাপিও এটা কথা ক’ব পাৰি যে তেনে পৰিৱেশ সৃষ্টিৰ বাবে আমি আমাৰ মানসিকতালৈ কিছু পৰিবতৰ্ন আনিব লাগিব। তেনেদৰে বিহুক সাবৰ্জনীন কৰি তোলাৰ ক্ষেত্ৰত আমি অকল উজনীয়া বিহুৰ ৰূপটোকে খামোছ মাৰি ধৰিলে নহ’ব। অসমৰ অন্য জনগোষ্ঠীৰ বিহু সম্পৰ্কীয় আচাৰ-নীতিকো কিছু পৰিবৰ্তিত ৰূপত বিহু পালনৰ লগত যুক্ত কৰাৰ চিন্তা কৰিব লাগিব। উদাহৰণ হিচাপে আমি যেতিয়া বৰকৈ জাতীয় সাজ-পাৰ, জাতীয় সাহিত্য, জাতীয় সংগীত আদিৰ কথা কওঁ তেতিয়া এটা কেৰোণ আহি পৰে। উদাহৰণ হিচাপে অসমৰ মহিলাৰ জাতীয় সাজ-পাৰ কি বুলি সুধিলে আমি চাদৰ-মেখেলাৰ কথাকেই কওঁ। কিন্তু কথাটো আমি যদি এষাৰতে মানি ল’ব লাগে তেন্তে বড়োসকলৰ দখনা নামৰ মহিলাৰ সাজযোৰকো আমি চাদৰ-মেখেলা বুলিয়েই ক’ম নেকি? আমি মনত ৰখাৰ প্ৰয়োজন যে অসমৰ জনগোষ্ঠীবোৰৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভাব দৃঢ কৰাৰ বাবে জাতীয় সাজ-পাৰৰ দৰে কথাবোৰত অলপ কম গুৰুত্ব দিয়াটোৱে সমীচীন হ’ব নেকি? জেং বিহুৰ বাকৰিত ৰং বং টেৰাঙক তেওঁ পিন্ধি যোৱা সাজযোৰেৰেই বক্তৃতা দিবলৈ দিয়া হ’লে অসমৰ জাতীয় জীৱনৰ বৰ বেছি ক্ষতি হয়তো নহ’লহেঁতেন। ৰং বং টেৰাঙ মূল সুঁতিৰ অসমীয়া ভাষী নহয়। আমি মূল সুঁতিৰ অসমীয়া ভাষীসকলে যিমানেই সকলো জনগোষ্ঠীক ধৰি বৃহৎ অসমীয়া জাতি গঠনৰ কথা নকওঁ কিয় আমাৰ মনস্তত্বত কিন্তু সদায়ে অসমীয়া ভাষী মানেই অসমীয়া ধাৰণাটো ৰৈ আছে। তাক সহজে মচি পেলাবও নোৱাৰি। গতিকে আমি মূল সুঁতিৰ অসমীয়া ভাষীসকলে যিমানেই নিচিঞৰো কিয় ৰং বং টেৰাঙক কিন্তু আমি এষাৰতে অসমীয়া বুলি নকওঁ বা ক’ব নেখোজো। মই ভাবো মই কোৱা এই কথাটো আমি আনুষ্ঠানিকভাৱে ক’বলৈ নোখোজা এটা সঁচা কথা। অৰ্থাৎ অসমৰ প্ৰায় সকলোবোৰ মূল সুঁতিৰ অসমীয়া ছাত্ৰনেতা, ৰাজনৈতিক নেতা নাইবা বুদ্ধিজীৱীয়ে বৃহৎ অসমীয়া জাতিৰ কথা কৈ টেঁটু ফালি থাকে কিন্তু এতিয়াও অসমত এটা সুস্থ সৱল সৃষ্টিশীল জাতিগোট (মই জাতি বুলি কোৱা নাই) গঠন কৰাৰ মানসিকতা আমাৰ মাজত গঢ লৈ উঠা নাই যিটো জাতি গোটত সকলোবোৰ জনগোষ্ঠীয়ে নিজৰ ভাষা-সংসকৃতি-সাহিত্যৰ উপযুক্ত স্বীকৃতিৰে জীয়াই থাকিবলৈ সক্ষম হ’ব, সামগ্ৰিকভাৱে পশ্চিমীয়া সমপ্ৰসাৰণবাদ হিন্দী সমপ্ৰসাৰণবাদ (যিটো এতিয়া আমাৰ বাবে আটাইতকৈ বপিদজনক বস্তু)ৰ বপিদে যিটো জাতি গোটক টেঁটুত চেপি নধৰিব। পূৱৰ্তে হোৱাৰ দৰে নাইবা মই এতিয়া ব্যক্তিগতভাৱে আশা কৰাৰ দৰে নেফামিজ-নাগামিজৰ দৰে অসমীয়া ভাষা সম্ভূত সংযোগী ভাষাই সকলোবোৰ জনগোষ্ঠীকেই ভাব আদান প্ৰদানৰ সুযোগ প্ৰদান কৰিব। এনে ক্ষেত্ৰত কিন্তু মূল অসমীয়া ভাষাটোক অন্য জনগোষ্ঠীবোৰে সমপ্ৰসাৰণবাদী বুলি ক’ব নালাগিব। অসমীয়া ভাষা-সাহিত্য-সংসকৃতিলৈ অসমৰ জনগোষ্ঠীবোৰৰ অৱদান অপৰিসীম। মেদিনী মোহন চৌধুৰী, সীতানাথ ব্ৰহ্মচৌধুৰী, ভৱেন নাৰ্জী, ৰং বং টেৰাঙ, লুম্বেৰ ডাই, নাহেন্দ্ৰ পাদুন, জীৱন নৰহ, উজ্বল পামেগাম, সনন্ত তাঁতী, সমীৰ তাঁতী, কমল কুমাৰ তাঁতী, চিৰঞ্জীৱ জৈন, উপেন ৰাভা হাকাচাম আদিসকলক আমি সকলোৱে ভালকৈ জানো। বিষ্ণু-জ্যোতিৰ কথা বাৰু নক’লোৱেবা। এইসকল লোকে অসমীয়া ভাষালৈ যিখিনি অৱদান দিছে তাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব লাগিব (এতিয়ালৈ কম সোঁৱৰণ কৰি আছো কিন্তু)। ওপৰৰ কথাখিনিৰে মই কি ক’ব খুজিছো পাঠকসকলে নিশ্চয় বুজি পাইছে। হয় বিহু উৎসৱটিক আমি এনে চিন্তাৰ বাহক কৰি তোলাৰ সময় সমাগত। অৱশ্যে মই মোৰ চিন্তাক এতিয়াও এক ফেণটাছি বুলিহে ভাবি ৰ’লো।

                                                                                                   (বিশ্বজিৎ সূত্ৰধাৰ)

Tuesday, 30 October 2012


                   Feelings of the day

           Wonderful were days those
           Going through the vast green field
           Sitting on the river bank in some solitary moment
           The Finush bird likely to be my kin
           I was blind and seeing mighty with my eternal eyes
           Vast was the field
           Vast was the sight
           Vast was the endless horizon spreading towards

Sunday, 28 October 2012

On Sankardeva : A Note

শংকৰদেৱৰ বিষয়ে এটা টোকা


         শংকৰদেৱে কেইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল সেই বিষয়ে বহু কথাই জনা যায়, কিন্তু সেইবোৰৰ শুদ্ধ বিজ্ঞানসন্মত বিশ্লেষণ বৰ বেছি হোৱা নাই৷ অৰ্থাত সকলো কথাই এতিয়ালৈকে বুৰঞ্জীৰ পৰ্যায়ত আছে, ইতিহাসত পৰিণত সম্পূৰ্ণৰূপে হোৱা নাই৷ মই ভাবো এতিয়ালৈকে শংকৰদেৱৰ এখন বেছি সম্পূৰ্ণ আৰু নিৰপেক্ষ জীৱন চৰিত ৰচিত হোৱাৰ অৱকাশ আছে৷ শংকৰদেৱৰ জীৱনী গ্ৰন্থৰ ভিতৰত বেজবৰুৱাৰখনৰ গুৰুত্ব অনস্বীকাৰ্য৷ নেওগেও বহুখিনি কথা আলোচনা কৰিছে৷ শিৱনাথ বৰ্মনৰ কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ তথাপিও শংকৰদেৱৰ বিষয়ে এতিয়াও বহু কথা এক্সপ্লোৰ কৰিবলগীয়া আছে৷ নতুন প্ৰজন্মৰ লেখকসকলে এনে ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি অহা উচিত হ’ব৷ অন্যথায়ী আমি ভগৱান শংকৰদেৱৰহে গুণ গাম, মানুহ শংকৰদেৱক বিচাৰি নাপাম৷ প্ৰকৃততে অকল কথা গুৰু চৰিততে নহয়, আন গুৰু চৰিতকেইখনতো শংকৰদেৱৰ ভ্ৰমণৰ বিষয়ে বৰ্ণনা আছে৷ মই ভাবো যে তেওঁ ভ্ৰমণলৈ যোৱা কথাতো শুদ্ধ, কিন্তু সকলোখিনি কথা কিছু খেলিমেলিপূৰ্ণ৷ আচলতে শংকৰদেৱৰ জীৱনী হিচাপে যিখিনি চৰিত-পুথি আছে, সেইখিনি এক প্ৰকাৰৰ পুৰাণৰ নিচিনা বুলিও ক’ব পাৰি৷ আধুনিক কালৰ দাঙৰীয়া দীননাথৰ চৰিতখনো কাহিনীৰ লখিয়া৷ শংকৰদেৱৰ সঁচা জীৱনী ৰচনাৰ প্ৰথম প্ৰয়াস কৰে বেজবৰুৱাই৷ তেওঁৰ পাছত নেওগ আৰু সত্যেন্ত্ৰনাথ শৰ্মাই কিছু আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰে৷ কিন্তু সঁচা অৰ্থত বিজ্ঞানসন্মত দৃষ্টিৰে শংকৰদেৱৰ অধ্যয়নৰ বাট কটা মানুহকেইজন হ’ল ড. হীৰেন গোঁহাই, ড. শিৱনাথ বৰ্মন, অনিল ৰায়চোধুৰী আদি৷ মই ভাবো আমাৰ কৰণীয় আৰু বহুত আছে এই ক্ষেত্ৰত৷
              এতিয়া অন্য এটা কথালৈ অহা যাওক৷ মই এটা কথা বিশ্বাস কৰো যে শংকৰদেৱ বিশ্বৰ এক বিৰল প্ৰতিভা৷ কিন্তু যধেমধে শংকৰদেৱক অসমীয়া জাতিৰ পিতা, শংকৰদেৱে অসমীয়াক সংস্কৃতি দিলে, ভাষা দিলে, শংকৰদেৱ বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মানুহ জাতীয় কথাবোৰ কোৱা উচিত নহয়৷ উদাহৰণ হিচাবে আজি কিছুদিন আগতে মই ফেইচবুকত লিখিছিলো যে নাট্যকাৰ হিচাবে শংকৰদেৱতকৈ চেইকছপীয়েৰ শ্ৰেষ্ঠ৷ মোৰ কথাটো শুনি কিছুমানে জকজকাই উঠিল আৰু দুজনমানে সাপো মৰক লাঠিও নাভাঙক জাতীয় মন্তব্য দিলে৷ কোনেও কিন্তু মোৰ কথাটোৰ মৰ্মত প্ৰেৱশ কৰিবলৈ চেষ্টা নকৰিলে৷ শংকৰদেৱৰ প্ৰতিভা অতুলনীয় সঁচা, কিন্তু আপুনি চেইকছপীয়েৰৰ নাটকৰ মাজেৰে প্ৰতিভাত হোৱা জীৱন-জিজ্ঞাসাৰ লগত শংকৰদেৱৰ নাটকৰ জীৱন-জিজ্ঞাসাক তুলনা নকৰিব৷ চেকছপীয়েৰৰ মাজত প্ৰত্যেক মানুহেই সহজতে নিজকে বিচাৰি পায়, তাৰ বিপৰীতে শংকৰদেৱে দেৱ-দেৱতাক লৈ নাটক ৰচনা কৰিছে, তাৰ মাজত জীৱন-জিজ্ঞাসাক হয়তো কষ্টকৰভাবে কিছু বিচাৰি পোৱা যাব পাৰে৷
           এইবাৰ বুদ্ধৰ কথা কোৱা যাওক৷ নিসন্দেহে বুদ্ধ মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ মনীষী৷ শংকৰদেৱে আমাক সাহিত্যৰে চহকী কৰিছে, আমাৰ ভাষাক ধনী কৰিছে আৰু আমাক এটা ধৰ্ম দিছে৷ তাৰ বিপৰীতে বুদ্ধই কিন্তু মানুহক এটা পথ দিছিল৷ এটা মানৱীয় পথ৷ বিশ্বৰ মহত্বম আত্মা বুদ্ধৰ লগত আন কাকোৱে তুলনা কৰা উচিত নহব৷
         মহাপুৰুষ শংকৰদেৱক বহুতে লিওনাৰ্ড ডা ভিন্সিৰ লগত তুলনা কৰে৷ এই কথাটো মানি ল’ব পাৰি৷ শংকৰদেৱ মহান পুৰুষ, তেও পতিত সমাজ এখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ তেওঁ সাহিত্য সৃষ্টি কৰিছিল, নাট-ভাৱনা কৰিছিল, সংগীত সৃষ্টি কৰিছিল৷ বহুমুখী প্ৰতিভা হিচাপে তেওঁ বিশ্ব-প্ৰতিভা৷ হয়তো অসমীয়াৰ দৰে এটা সৰু-নাতিখ্যাত ভাষিক সম্প্ৰদায়ত নজন্মিলে তেওঁ বিশ্বৰ সকলো প্ৰান্ততে বিখ্যাত হ’লহেতেন৷ কিন্তু যথোপযুক্ত প্ৰচাৰৰ অভাৱত শংকৰদেৱে বিশ্বজোৰা স্বীকৃতি এতিয়াও পাবলৈ সক্ষম হোৱা নাই৷
           আলোচনা সদায়ে যাথাৰ্থ হ’ব লাগে৷ কাকোৱে প্ৰাপ্যৰ পৰা বঞ্ছিত কৰিব নালাগে আৰু কাকোৱো প্ৰাপ্যতকৈ অধিক প্ৰদান কৰিব নালাগে৷ শংকৰদেৱৰ নামত আৱেগিক হৈ আবোল-তাবোল বকা মানুহ অসমত দেধাৰ ওলাব৷ কিন্তু শংকৰদেৱক সমালোচনাৰে পুৰি বেছি উজ্জ্বল কৰাৰ প্ৰচেষ্টা কোনেও কৰিবলৈ আগ্ৰহী নহয়৷ বহুদিন আগতে ‘মণি-কাঞ্চন’ নামৰ এখন আলোচনীত প্ৰায়ত মহেশ্বৰ নেওগে এটা বৰ সাধাৰণ স্তৰৰ কথা কৈছিল৷ তেওঁ কৈছিল যে শংকৰদেৱৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি (সোঁৱৰণীৰ পৰা দিছো, অলপ ভুল হ’ব পাৰে)৷ নেওগদেৱৰ এনে এটা কথা মানি ল’ব কোনো কাৰণতেই নোৱাৰি৷ তাৰোপৰি বহুতে আৱেগত উথলি উঠি কোৱাৰ দৰে শংকৰদেৱ অসমীয়া সাহিত্যৰ পিতৃ, অসমীয়া ভাষাৰ পিতৃ জাতীয় কথাবোৰো মানি লোৱা উচিত নহয়৷ আনকি ব্যক্তিগতভাৱে মই শংকৰাব্দ নামৰ বছৰ গণনা পদ্ধতিটোও সমৰ্থন নকৰো৷ কিয় নকৰো তাৰ এটা কাৰণ আছে কিন্তু৷
               মাধৱদেৱৰ শিষ্য গোপাল আতাই উদাৰতাৰে অসমৰ জনজাতীয়সকলক গ্ৰহণ কৰিছিল৷ তেওঁ তাহানিৰ অসমৰ বহুতো জনগোষ্ঠীৰ মাজত ধৰ্ম প্ৰচাৰৰ পৰিৱেশ সৃষ্টি কৰিছিল৷ সেই প্ৰচেষ্টা কিন্তু পাছলৈ অটুত নাথাকিল৷ পৰৱৰ্তী সময়ত এক প্ৰকাৰৰ বৰ্ণহিন্দু জাত্যাভিমানে শংকৰদেৱৰ ধৰ্মটোক নষ্ট কৰি পেলালে৷ আপুনি জানেনে বিখ্যাত বৰপেটা সত্ৰত আজিৰ পৰা প্ৰায় ৫੦ বছৰ আগলৈকে কোনো সৰু জাতিৰ লোককে প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল৷ বৰপেটাৰ গণককুছি সত্ৰততো আজি কিছু বছৰৰ আগলৈকে৷ আমি সৰু থাকোতে দেখিছিলো গণককুছি সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত প্ৰসাদ ল’বলৈ প্ৰৱেশ কৰা কৈৱৰ্ত সম্প্ৰদায়ৰ ল’ৰাবোৰক বাহিৰ উলিয়াই দিয়া হৈছিল৷ তথাকথিত মহাপুৰুষীয়া সমাজখনৰ উন্নতি হওক, তেওঁলোকৰ ধৰ্মটো সকলো জনগোষ্ঠীয়ে গ্ৰহণ কৰক, সেইটো মই কামনা নকৰো৷ ব্যক্তিগতভাবে মই অসমৰ জনজাতীয়সকলৰ খ্ৰীষ্টানকৰণৰো বিৰোধিতা কৰো৷ সেই জনগোষ্ঠীবোৰে নিজৰ আদিম ধৰ্মটো লৈ থাকক৷ আজিৰ পটভূমিত নিজৰ সংস্কৃতিকে উজলাই তোলক৷ জনজাতীয় জীৱন-ধাৰাটো সম্পূৰ্ণৰূপে নষ্ট হৈ যাবলৈ নিদিয়ক৷ মই কোনোদিনে অসমীয়া অভিধাটোৰে অসমৰ সকলো জনগোষ্ঠীক সামৰি লৈ বৃহত্ অসমীয়া জাতি গঠনৰ কথা নকওঁ৷ এতিয়ালৈকে আমি যিসকল ভাষিকভাৱে অসমীয়া আমি অসমীয়া হৈ থাকো৷ তাৰ ভিতৰত কোনোবাই আমাৰ মাজলৈ আহিব খোজে আহক৷ কিন্তু কোনো প্ৰশাসনিক উপায়েৰে নাইবা সাংস্কৃতিক-আৰ্থিক-সামাজিক সম্প্ৰসাৰণবাদৰ দ্বাৰা অসমৰ অনা-অসমীয়া-ভাষী খিলঞ্জীয় জনগোষ্ঠীক অসমীয়া কৰাৰ চেষ্টা কৰা নহওক৷ হয়, অসমত বাস কৰা সকলো জনগোষ্ঠীক লৈ আমি এখন সমাজ বুলি গ্ৰহণ কৰিব পাৰো, কিন্তু সকলো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ উন্নতি হোৱাৰ প্ৰয়োজন আছে৷এই ক্ষেত্ৰত কিন্তু অসমৰ জনগোষ্ঠীবোৰক সুকীয়া সুকীয়া ৰাজ্য প্ৰদানৰ মতটো মই সমৰ্থন নকৰো৷ নকৰাৰ একমাত্ৰ কাৰণ হ’ল অসমত যদি বডোসকল সুৰক্ষিত নহয়, তেন্তে বডোলেণ্ডত অনাবডোসকল সুৰক্ষিত হ’ব কিয়? বডোলেণ্ডত কাইলৈ অনাবডোসকলেও ৰাজ্য দাবী নকৰিবনে?

Saturday, 27 October 2012

MY SON IMON BISWARUP

His birth was cloudy for us......... We did best, do best and will do best for him.............. He is good and sportive.............

Friday, 26 October 2012

Feelings


               It is pleasing to me that I have come to blog this day, and I will be trying my best to give write up in this blog.

বন্ধৰ বিষয়ে

বন্ধৰ বিষয়ে


                এবাৰ অতি গুৰুত্বপূৰ্ণ কাম এটাত দুপৰীয়া প্ৰায় ১১ বজা মানত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিলো৷ গৈ গম পালো যে কোনোবাৰ মৃত্যুত শোক কৰি সেইদিনা কৰ্মচাৰীসকলে কামৰ পৰা বিৰত হৈছে৷ মুখত মাত নাথাকিল মোৰ৷ কামটো নহলেও মোৰ বিপদ৷ কি কৰো? হঠাতে গাড়ীগাওঁৰ ফালৰ বন্ধু এজনক লগ পালো৷ বিপদটোৰ কথা তাক লো৷ সি হাঁহি এটা মাৰি , “ধুৰ, সিটোও কথানে?” এই বুলি সি মোক চাহ দোকান এখনলৈ লৈ ল৷ তাত দেখিলো কিছুমান মানুহে হাঁহি স্ফুৰ্তি কৰি আদ্দা মাৰি আছে৷ মোৰ বন্ধুজনে লে যে আদ্দা মাৰি থকাসকল হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী৷ ভাবিলো শোকত কামৰ পৰা বিৰত থকা সকলেনো কিদৰে ইমান হাঁহি-তামচা কৰি থাকিব পাৰেহে! বন্ধুজন আগবাঢ়ি , এজন কৰ্মচাৰীৰ হাতত ੦੦ টকীয়া নোট এখন গুজি দিলে৷ ঈশ্বৰৰ কৃপা নোহোৱাকৈয়ে মোৰ কাম সেইদিনাই হৈ ল৷
               কথাবোৰ এনেদৰেই চলে এই দেশত৷ আজিও মই বুজা নাই কি কাৰণত কাৰোবাৰ মৃত্যুত স্কুল এখনত অৰ্দ্ধ চুটি লাগে৷ এখন স্কুলৰ প্ৰাক্তন ছাত্ৰ এজন মৰিলে স্কুলখনত পঢ়া ৰাবোৰে নিশ্চয় কান্দি-কাটি ভাঙি নপৰে৷ এনে   পাৰে যে কোনো এজন গুৰুত্বপূৰ্ণ মানুহৰ নাইবা এখন স্কুলৰ প্ৰাক্তন ছাত্ৰৰ মৃত্যুত স্কুলখনৰ এটা পিৰিয়দত নাইবা প্ৰাৰ্থনাৰ সময়ত মানুহজনৰ নামত শোকসভা পতা যাওক আৰু মানুহজনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কিছু কথা জনোৱা যাওক৷ কিন্তু স্কুলখনত অৰ্দ্ধ চুটি হোৱাৰ কাৰণ কি মই আজিও নুবুজো৷ তাৰ ভিতৰত কোনোবা এজন অতি গুতুত্বপূৰ্ণ মানুহৰ মৃত্যুত অন্য কিবা কাৰ্যসূচী হোৱাতো বেলেগ কথা৷ কিন্তু সকলো মৃত্যুৰ বাবে শোকসভা কৰি স্কুল ছুটি দিয়াতো সমৰ্থনযোগ্য হ’ব নোৱাৰে৷

Feelings of the Day


                    সময় আমাৰ বাবে এতিয়া দুঃসময়৷ মই কিবা কিবি লিখিব ইচ্ছা কৰি আছো৷ কিন্তু এতিয়ালৈকে লেখিব পৰা নাই৷ কথাবোৰ ভাবো, কিন্তু লেখাৰ বাবে অন্তৰত প্ৰৰণা নাহে৷