Tuesday, 6 May 2014

এনিশা তোমাক বুকুৰ মাজত খুব জোৰেৰে সাবটি ধৰি শুম.. তুমি ভাঙি ছিঙি গ’লেও যাবা.... মই বৰ স্বাৰ্থপৰ জানা.. তোমাক উদ্বাউল হৈ চুমা খাম.. তুমি কষ্ট পালেও পাবা.. মোৰ ভাল লাগিব... মই যে স্বাৰ্থপৰ বহুত...... তোমাক মন্থন কৰিম, তুমি কাতৰ হ’বা, হ’লেও হ’বা .. মই যে স্বাৰ্থপৰ বহুত.... তোমাৰ সকলো সপোন ভাঙি পেলাম..... তোমাৰ নিৰাভৰণ নিৰ্জনতাক মই মুখৰ কৰিম....... আৰু এনেদৰেই এদিন তুমি এটা গান হ’বা, বাজি থাকিবা মোৰ হাৰমনিয়ামৰ ৰিডত... তোমাক সঁচাকৈয়ে এদিন লগ পাম আৰু উমাল চুমাৰে তোমাক কন্দুৱাম....... তুমি উচুপি উচুপি মোৰ বুকুৰ মৰূভূমি তিয়াই পেলাবা....

No comments:

Post a Comment