বন্ধৰ বিষয়ে
এবাৰ অতি
গুৰুত্বপূৰ্ণ কাম এটাত দুপৰীয়া প্ৰায়
১১ বজা
মানত গুৱাহাটী
বিশ্ববিদ্যালয়লৈ গৈছিলো৷ গৈ গম পালো
যে কোনোবাৰ
মৃত্যুত শোক
কৰি সেইদিনা
কৰ্মচাৰীসকলে কামৰ পৰা বিৰত হৈছে৷
মুখত মাত
নাথাকিল মোৰ৷
কামটো নহ’লেও মোৰ
বিপদ৷ কি
কৰো? হঠাতে
গাড়ীগাওঁৰ ফালৰ বন্ধু এজনক লগ
পালো৷ বিপদটোৰ
কথা তাক
ক’লো৷
সি হাঁহি
এটা মাৰি
ক’ল,
“ধুৰ, সিটোও
কথানে?” এই
বুলি সি
মোক চাহ
দোকান এখনলৈ
লৈ গ’ল৷ তাত
দেখিলো কিছুমান
মানুহে হাঁহি
স্ফুৰ্তি কৰি
আদ্দা মাৰি
আছে৷ মোৰ
বন্ধুজনে ক’লে যে
আদ্দা মাৰি
থকাসকল হৈছে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
কৰ্মচাৰী৷ ভাবিলো শোকত কামৰ পৰা
বিৰত থকা
সকলেনো কিদৰে
ইমান হাঁহি-তামচা কৰি
থাকিব পাৰেহে!
বন্ধুজন আগবাঢ়ি
গ’ল,
এজন কৰ্মচাৰীৰ
হাতত ১੦੦ টকীয়া
নোট এখন
গুজি দিলে৷
ঈশ্বৰৰ কৃপা
নোহোৱাকৈয়ে মোৰ কাম সেইদিনাই হৈ
গ’ল৷
কথাবোৰ এনেদৰেই
চলে এই
দেশত৷ আজিও
মই বুজা
নাই কি
কাৰণত কাৰোবাৰ
মৃত্যুত স্কুল
এখনত অৰ্দ্ধ
চুটি হ’ব লাগে৷
এখন স্কুলৰ
প্ৰাক্তন ছাত্ৰ
এজন মৰিলে
স্কুলখনত পঢ়া
ল’ৰাবোৰে
নিশ্চয় কান্দি-কাটি ভাঙি
নপৰে৷ এনে
হ’ব পাৰে যে কোনো
এজন গুৰুত্বপূৰ্ণ
মানুহৰ নাইবা
এখন স্কুলৰ
প্ৰাক্তন ছাত্ৰৰ
মৃত্যুত স্কুলখনৰ
এটা পিৰিয়দত
নাইবা প্ৰাৰ্থনাৰ
সময়ত মানুহজনৰ
নামত শোকসভা
পতা যাওক
আৰু মানুহজনৰ
বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কিছু
কথা জনোৱা
যাওক৷ কিন্তু
স্কুলখনত অৰ্দ্ধ
চুটি হোৱাৰ
কাৰণ কি
মই আজিও
নুবুজো৷ তাৰ
ভিতৰত কোনোবা
এজন অতি
গুতুত্বপূৰ্ণ মানুহৰ মৃত্যুত অন্য কিবা
কাৰ্যসূচী হোৱাতো বেলেগ কথা৷ কিন্তু সকলো মৃত্যুৰ বাবে শোকসভা কৰি স্কুল ছুটি দিয়াতো সমৰ্থনযোগ্য হ’ব নোৱাৰে৷
No comments:
Post a Comment