Biswajit Sutradhar
Thursday 7 November 2013
Biswajit Sutradhar
বন্ধুসকলৰ পৰা এটা কথা জানিব খুজিছো- শংকৰদেৱৰ ধৰ্মাবলম্বীসকলে দেৱালী উদযাপন নকৰে নেকি? মোৰ কৰা নকৰাক লৈ কোনো আপত্তি নাই, কিন্তু মোৰ জানিবৰ মন গৈছে কথাটো সঁচানে মিছা৷
Like
·
·
Unfollow Post
·
Share
·
November 3 at 10:40pm
Bidul Boruah
,
Moyurie Dutta
,
Sushilkr Ojah
and
7 others
like this.
50 of 51
View previous comments
Mrigen Kalita
কথাটো সঁচা
November 3 at 10:50pm
·
Like
Jehirul Hussain
মই যিমানদুৰ জানো নকৰে
November 3 at 10:54pm
via
mobile
·
Like
·
2
দীপাংকৰ পাঠক
মই শংকৰদেৱৰ ধৰ্মালম্বী মানুহ (বংশানুক্ৰমিক ভাৱে) ৷ মই কিন্ত কৰো ৷ মই নাম-প্ৰসংগৰ মাহ-প্ৰসাদ যিদৰে খাওঁ, সত্যনাৰায়ণ পূজাৰ ভোগো খাওঁ, দুৰ্গাপূজাৰ খিচিৰিও খাওঁ ৷ আনকি ঈদৰ চৈৱৈ ও খাওঁ ৷ দুজনমান খ্ৰীষ্টীয়ান বন্ধু আছে মফচলীয়া চহৰ বৰপেটা ৰোডত ৷ সেয়ে, তেওলোকৰ ঘৰত গৈ তেওলোকৰ লগত খ্ৰীষ্টমাচ ও পালন কৰো ৷ এতিয়া আপুনি কওক মই আচলতে কি?
November 3 at 10:59pm
via
mobile
·
Edited
·
Like
·
37
Himangshu Sahariah
আমাৰ ঘৰত পালন নকৰে...
November 3 at 10:58pm
via
mobile
·
Like
Dipankar Deka
হিঃ হিঃহিঃ আপুনি শংকৰদেৱৰ ধৰ্মালম্বী নহয় দেই আপুনি সমদৃষ্টিৰে সকলোকে চোৱা প্রকৃত মানুহ
November 3 at 11:09pm
·
Like
·
6
Jehirul Hussain
আপুনি মানুহ, সঁচা মানুহ
November 3 at 11:10pm
via
mobile
·
Like
·
2
Mridul Bora
নকৰে, এজন নিৰাকাৰ ভগৱানক বিশ্বাস কৰে বাবে কেৱল নামঘৰত হে এগচি চাকি জলাই, নামঘৰৰ বাহিৰত চাকি জলালে বহু দেৱ দেৱীক উপাসনা কৰাটো সূচায় যিটো এই ধৰ্মমতৰ পৰিপন্ঠী। এটা ধৰ্মীয় মতাদৰ্শ বিশ্বাস কৰি আনে কৰা দেখি সেয়া কৰিবলৈ আগবঢ়াটো যুক্তিকৰ নহয, এইখিনিতে এটা কথা
উনুকিয়াব খোজো যে মহাপুৰষ শংকৰদেৱে কিন্তু তেওঁৰ অনুগামী সকলক একে সময়তে সকলোৰে ধৰ্মীয় বিশ্ৱাসক যখোচিত সন্মান প্ৰৰ্দশন কৰিবলৈও উপদেশ দি গৈছে ।
Biswajit Sutradhar
, Bhaskarjyoti Rabha, আপোনালোক এই তথ্যখিনিৰ দ্বাৰা কিছু পৰিমাণে হলেও উপকৃত হ'ব বুলি আশাবাদী । আটাইলৈ দেৱালীৰ শুভেচ্ছা থাকিল ।
November 3 at 11:26pm
·
Like
·
6
Mridul Bora
Rakeysh Gogoi, ধন্যবাদ, আপুনি কোৱা কথাখিনি সম্পূৰ্ণ সত্য, শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ হে কৰিচিল, প্ৰৱৰ্তন কৰা নাছিল । কেইজনমান মানুহৰ উদ্ধৃতিৰে মন্তব্য পৰিবেশন কৰাটো দুৰ্ভাগ্যজনক। Nipul Bhattacharyya ৰ কথাখিনি আৰু ষ্পষ্ট হলে বুজি পোৱাত সহায় হ'লহেতেন ।
November 3 at 11:56pm
·
Like
·
2
বৰা নিতুল
শঙ্কৰদেৱৰ ধৰ্ম মানে একশৰণ ভাগৱতী ধৰ্ম, অৰ্থাত্ হৰিৰ নাম গুণানুকীৰ্ত্তন কৰিলেই হয়, বেলেগে বেলেগে পূজা পাতল নকৰিলেও হয়। পূজা পাতল এই ধৰ্মত কৰা নহয়। কিন্তু দ্বীপাৱলী উত্সৱ পালন কৰা হয় শ্ৰীৰামচন্দ্ৰ বনবাসৰ পৰা ৰাজ্যলৈ ঘুৰি অহাৰ আনন্দতে ৰাজ্যবাসীয়ে দ্বীপ অৰ
...
See More
November 4 at 12:21am
·
Edited
·
Like
·
12
Mridul Bora
কবি কালিদাসৰ ৰামায়ণৰ উদ্ধৃতি দিয়া নাই জানো ?
November 4 at 12:41am
·
Like
Diganta Das
ভিন্ন মুনিৰ ভিন্ন মত। এনে ধৰণৰ কথাবোৰ ওলালেই চিন্তাবোৰ খেলি-মেলি হৈ পৰে; পায়-নাপায়, শুদ্ধ-অশুদ্ধৰ সীমাৰেখাডাল অস্পষ্ট হৈ পৰে। সৰ্বত্ৰ যুক্তি-তৰ্কৰে ভৰি পৰে, কিন্তু সমাজৰ, দহজনৰ হিতৰ কথা চিন্তা কৰিবলৈহে আমাৰ আহৰি নাই। মহাপুৰুষ দুজনাৰ মতাদৰ্শৰে এখন বৃহৎ অসমীয়া সমাজ গঠনৰ সুবিধাকন দলিয়াই দি আজিও আমি আঁহ ফালিয়েই আছো। এজন ঈশ্বৰকে বিশ্বাস কৰিবলৈ কিমানযে নিয়ম! উদাৰ অসমীয়াই এতিয়াও ন-ন উৎসৱ আদৰিয়েই আছো.....
November 4 at 1:20am
·
Edited
·
Like
·
12
Pankaj Thakuria
মোৰ এটা চিন্তা হয় শংকৰদেবে তাহানিতে বৈঞ্চব ধৰ্ম প্ৰচাৰৰ বাবে ভাওনা (চিনেমা), নামঘৰ (নাটঘৰ), বৰগীত (সংগীত), বস্ত্ৰত অংকন (চিত্ৰশিল্প) আদি ব্যবহাৰ কৰিছিল। আজি যদি থাকিলে হয় তেখেত, ফেচবুকত কি আপদেট দিলে হয়? শংকৰদেব চিনেমাৰপৰিচালক হ'লে কি চিনেমা বনালে হয়? মোৰ কল্পনাহে দেই কাৰো অনুভুতিক আঘাট কৰিবলৈ কোৱা নাই। মই ভাবো প্ৰশ্নটোৰ উত্তৰ এইভাবে ভাবি চালে পোৱা যাব।
November 4 at 4:51am
·
Like
·
8
Mridul Bora
ওপৰত মই কালিদাস বুলি লিখিছিলো, তুলসীদাস হে হ'ব লাগিছিল । ক্ষমা প্ৰাৰ্থনা ।
November 4 at 7:43pm
·
Like
Mridul Kumar Borah
শংকৰদেৱৰ মত অনুসৰি "গছৰ মূলত পানী ঢালিলে গছৰ শখা উপশাখাও তৃপ্ত হয়।" শংকৰদেৱ পদ্মপুৰাণৰ পাতালখণ্ডৰ এটা শ্লোকৰ সকলোৱে বুজিব পৰাকৈ ভাঙণি কৰি গৈছে-
"অন্য দেৱী দেৱ নকৰিবা সেৱ নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা গৃহো নপশিবা ভক্তি হৈব ব্যাভিচাৰ।।"
অৱশ্যে শংকৰদেৱে অন্য ধৰ্মক নিন্দা কৰিবলৈকো মানা কৰিছে। আনহাতে পূজা পাতল বাদে অন্য আচাৰ ৰীতি বাৰণ কৰা বুলি নাজানো।
November 4 at 8:26pm
·
Like
·
1
Dipankar Deka
মহাপুৰুষ শংকৰদেব অসমীয়া সমাজ গঠন নতুবা সাহিত্য ৰ কান্ডাৰি তেখেতক লৈ অহৈতুক মত দিয়াটো কিমান যুক্তিকৰ । পংকজ ঠাকুৰিয়া দেৱ নিম্ন কাল্পনিক চিন্তা ধাৰা কৰাৰ পৰিবৰ্তে অলপ মহাপুৰুষ জনাৰ কৰ্মৰাজিক অনুধাৱন কৰকছোন ।শংকৰদেব ক চিনেমাৰপৰিচালক ৰূপে কল্পনা কৰাৰ বিপৰিতে সাহিত্যৰ জনক , সমাজ সংস্কাৰক ৰূপে কল্পনা কৰক আৰু তেতিয়া দেখিব এখন নিকা সমাজ .সাংস্কৃতক দিশত সৰ্ব্ শ্রেষ্ঠ সমাজ ।
November 4 at 8:27pm
·
Like
·
2
Abhijit Kalita
"হিঃ হিঃহিঃ আপুনি শংকৰদেৱৰ ধৰ্মালম্বী নহয় দেই আপুনি সমদৃষ্টিৰে সকলোকে চোৱা প্রকৃত মানুহ"- কথাটো বুজি নেপালোঁ। শংকৰদেৱে কেতিয়াবা মানুহক বেলেগ বেলেগ দৃষ্টিৰে চাবলৈ কৈছিলে নেকি? আৰু শংকৰদেৱৰ ধৰ্ম মানে কি? আপুনি যদি একশৰণ নামধৰ্মৰ কথা কৈছে, তেন্তে এই ধৰ্মৰ
আজিকালি প্ৰচলিত নিয়মাৱলী শংকৰদেৱে ক'ত লিখি থৈ গৈছিলে? মই বহুদিনৰ পৰা বিছাৰি আছো- শংকৰদেৱে ক'ত ব্ৰাহ্মণ বিৰোধিতাৰ কথা কৈছিল, ১১ দিনত মৃতকৰ সকাম কৰা বাধ্যতামূলক কৰিছিল, আমুকৰ হাতেৰে নেখাবি, তমুকক এঘৰীয়া কৰ বুলি নিৱন্ধন কৰিছিল।
ক্ষোভেৰে লিখিছো ওপৰৰ কথাখিনি। শংকৰদেৱ আছিল অসমীয়া জাতিক সাংস্কৃতিক আৰু সামাজিক ভাৱে একৱদ্ধ কৰা এজন ভৱিষ্যতদ্ৰষ্টা। আমাৰ আজি যি আছে, যাক লৈ অসমীয়া বুলি গৌৰৱ কৰোঁ, তাৰ প্ৰায়বোৰেই শংকৰদেৱৰ দান। আৰু তেঁও প্ৰচাৰ কৰা ধৰ্মমত পৃথিৱীৰ ভিতৰতে অন্যতম উদাৰ, সহনশীল, সহজ, আৰু বিজ্ঞানসন্মত আধুনিক ধৰ্ম। আৰু তেঁও ধৰ্মক সমাজ সংষ্কাৰৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰিছিল। এক ব্ৰহ্মৰ ধাৰণা কেৱল শংকৰদেৱৰ নহয়, ই আচলতে মানুহৰ ইন্টেলেকচুৱেল উন্নতিৰ প্ৰতীক। সমাজবিদ্যাৰ ছাত্ৰসকেল ভালকৈ কব পাৰিব।
শংকৰদেৱ কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ ভাৰতৰ বৈষ্ণৱ নৱজাগৰণৰ বাটকটীয়া আছিল। সেইবাবে সকলোৱে বুজি পাবলৈ ব্ৰজবুলি ভাষাত লিখিছিল। এনে এজন অসমীয়া আকৌ ওলাব বুলি ধাৰণা নহয়।
সেইজন লোকক বুজি নোপোৱাকৈ, তেখেতৰ প্ৰচাৰিত ধৰ্মৰ নামত ভণ্ডামি কৰা সকলকে সত্য বুলি ভাৱি তেখেতৰ ওপৰত মন্তব্য কৰিলে দুখ পাঁও।
১। শঙ্কৰদেৱে বিশ্বৰ ভিতৰত প্ৰথম আঁৰ-কাপোৰ আৰু পৃষ্ঠপট ব্যৱহাৰ কৰি নাটক কৰিছিল।
২। ধৰ্মৰ নামত সাধাৰণ লোক সকলক শোষণ কৰা সকলৰহে তেখৈতে বিৰোধিতা কৰিছিল।
৩ দ্বিতীয়া পত্নী কালিন্দী আইৰ বিশ্বাসক আঘাত নিদিবলৈ তেঁও ঘৰত শালিগ্ৰাম প্ৰতিষ্ঠাত অনুমোদন দিছিল।
৪। ব্ৰাহ্মণৰ পৰা আৰম্ভ কৰি ইচলাম ধৰ্মী আৰু তথাকথিক নীহকুলীয়া জাতিৰ সকলোকে তেখেতে সমানে স্থান দিছিল। ( সতী ৰাধিকা)
৫। ৰজাঘৰীয়াক শৰণ দিবলৈ অস্বীকাৰ কৰি তেখেতে আহোম স্বৰ্গদেওৰ সৈতে শত্ৰুতা কৰি লৈছিল।
November 4 at 9:26pm
·
Like
·
14
Bidyut Bikash Ray
শংকৰদেৱৰ একশৰণ ভাগৱতী ধর্মক শংকৰ সংঘ আৰু শংকৰ সমাজে বিকৃত কৰা নাইনে ???
এই দুটা একেটা ধর্মৰে ফৈদ। এটা ফৈদে পিতৃ-মাতৃৰ মৃত্যুত চুলি খুৰায়, আনটো ফৈদে নুখুৰায়। প্রকৃততে শংকৰদেৱে চুলি খুৰাব দিছিল নে দিয়া নাছিল ???
November 4 at 9:58pm
via
mobile
·
Like
Abhijit Kalita
মোক ৰীতি নীতিৰ সুধিলে মই অসহায়। ৰিতী নীতি আৰু ধৰ্মমত দুটা বেলেগ বস্তু। বৰ্তমান প্ৰচলিত ৰীতি নীতি বোৰ শংকৰদেৱে ক'ত লিখি থৈ গৈছিল সেইটো ময়ো বহদিনৰ পৰা বিছাৰি আছোঁ। কোনোবাই শংকৰদেৱৰ মতবাদ বিকৃত কৰিলে বা তাৰ কিবা বেলেগ অৰ্থ উলিয়ালে তাৰ বাবে তেঁওহে দায়ী।
তেখেত শংকৰদেৱ সংঘ, সমাজ বা কোনো সত্ৰৰ একচেটীয়া সম্পত্তি নহয়, শংকৰদেৱ নিজেও এনে কোনো সংগঠনৰ স্ৰষ্টা নছিল।
এই কথাবিলাকে শংকৰদেৱৰ প্ৰকৃত মূল্যায়নত বাধাৰ সৃষ্টি কৰিছে।
November 4 at 10:06pm
·
Like
·
6
Pankaj Thakuria
মাননীয় ডেকা ডাঙৰীয়া মই আকৌ শংকৰদেবক ধুপ ধুনাৰ পৰা আতৰাই তেওৰ সমসাময়িক লোকসকলৰ লগত তুলনা কৰিব চেষ্টা কৰো। তেখেতৰ সেই সময়ৰ সময়ৰ আহ্বান কি আছিল আৰু তেখেতে সমাজত সেই সময়ত দেখা দিয়া অশুভ কথাবোৰৰ বিৰোধিতা কৰি কেনেদৰে সেইসময়ৰ জনমাধ্যমক ব্যবহাৰ কৰিছিল তাৰ লগত
বৰ্তমানৰ সামঞ্জস্য তা তুলনা কেনেদৰে কৰিব পাৰি তাৰ কথাহে কব বিচাৰিছিলো। শংকৰদেবতকৈ দুটামান বছৰ পিছত জন্ম পোৱা ভিন্সিৰ মনালিছা যদি পৃধিবী বিখ্যাৎ হয় তেন্তে শংকৰদেবৰ বৃন্দাবনী বস্ত্ৰ কিয় নহয় কথাবোৰ আমি ভাবি চাবলগীয়া। জাতীয় জীৱনত শংকৰদেবৰ মহাপুৰুষীয় পৰম্পৰা আতৰাই চলিব নোৱাৰি। কিন্তু শংকৰদেব এজন যুক্তিবাদী আছিল আৰু অসমীয়া আধুনিক চিন্তাধাৰাৰ জনক। গতিকে অনুভুতিৰ বাহিৰত আহি নিৰ্মোহভাবে শংকৰদেবক চাব লাগিলে সময় অক্ষদালক আওকান কৰিব নোৱাৰি। প্ৰচলিত বৈদিক পন্থাৰ বিৰোধে গৈ যি বৈঞ্চব আন্দোলন সমগ্ৰ ভাৰতত বিয়পি পৰিছিল শংকৰদেব এজন বাটকটীয়া আছিল। বাকী ভাৰতীয় বৈঞ্চব বিপ্লবীসকলতকৈ শংকৰদেব পৃথক আছিল এইকাৰনেই যে তেখেতে জনমাধ্যমৰ ব্যবহাৰ কৰি জনসাধাৰনৰ মনস্তত্ব অধ্যয়ন কৰি সৰ্বসাধাৰনলৈ জ্ঞান বিয়পাবলৈ সৰ্বসাধাৰনৰ ভাষা ব্যবহাৰ কৰিছিল। প্ৰচলিত ধ্যান ধাৰনাৰ বিপৰীতে তেনে পদক্ষেপ লব পৰাজন সচাকৈ বিপ্লবী। এতিয়া ধৰা হওক আজিৰ দিনত আমাৰ মাজত এজন শংকৰদেবৰ দৰে যুক্তিবাদী আছে তেন্তে তেখেতে ভাওনা এখন কৰিবলৈ গ'লে আমাৰ সমাজৰ অশুভ কথাবোৰ নিশ্বয় ডাঙি ধৰিলে হয়। ভক্তিবাদী দৃষ্টিভংগীৰ পৰা সেই সময়ত আতৰি অহাটো কঠিন আছিল। আনহাতে প্ৰচলিত ভাৰতিয় দৰ্শনৰ মূল লক্ষ্য মোক্ষ, মৃত্যুৰ পিছৰ জীৱন আদি ধাৰনা শংকৰদেবৰ সৃষ্টিৰাজীতো পোৱা যায়। প্ৰধম কথা শংকৰদেবক এজন অসমীয়া সমাজত বৈজ্ঞানিক সত্যক প্ৰতিষ্ঠা কৰা মহান পুৰুষ বুলি ধৰি তেখেতক আজিৰ প্ৰেক্ষাপটত আনি বা নিজকে তেখেতৰ সমবলৈ লৈ গৈ চাও তেন্তে আমি বুজিম কিমান মহান আছিল তেও। সত্যৰ সন্ধান বৈজ্ঞানিক মানসিকতাৰ প্ৰথম পদক্ষেপ। সেই সময়ত সত্যৰ ধাৰনা কি আছিল আৰু তাত উপনীত হোৱা লক্ষ্যই শংকৰদেবক যুক্তিবাদী কৰি তুলিছিল। সত্যক মোক্ষ বুলি ধৰিলে তাত উপনীত হবৰ বাবে বলি বিধান বা মূৰ্তি পুজাৰ দৰকাৰ নাই বুলি কবলৈ কম সাহস নালাগিছিল সেই সময়ত। আনহাতে নিৰাকাৰ ঈশ্বৰৰ ধাৰনাও যুগান্তকাৰী আছিল। কিন্তু আমি নিজে সেই নিৰাকাৰ ঈশ্বৰৰ ধাৰনাত আঘাট কৰি শংকৰদেকে আকাৰ দিব চেষ্টা কৰাৰ বাবে বহু সময়ত বিশ্লেষনত অসুবিধা পাও। আজি যদি আমি অনুভুটিক বাদ দি শংকৰদেবক নিৰ্মোহভাবে চাব নোৱাৰো তেন্তে আমি আছলতে চিৰ জীবনলৈ শংকৰদেবক ধুপ চাকিৰ মাজত বা মনিকুটত থৈ দিব লাগিব। গতিকে মই চিন্তা কৰি চাও আজিৰ যুগত শংকৰদেব যদি থাকিলে হয় তেন্তে তেখেতে ভাওনাখন কেনেদৰে কৰিলে হয়? মই যদিও নিজে নিৰপেক্ষ দুৰত্বত থাকি নিৰ্মোহভাবে চাবলৈ চেষ্টা কৰিছো মোৰ সামান্য অধ্যয়নেৰে তথাপি যদি এনেদৰে ভাবি মন্তব্য দিয়া বাবে আপোনাক আঘাট কৰিছো ক্ষমা বিচাৰিছো।
November 4 at 11:26pm
·
Unlike
·
5
Biswajit Sutradhar
Mridul Kumar Borah
, "অন্য দেৱী দেৱ নকৰিবা সেৱ নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা গৃহো নপশিবা ভক্তি হৈব ব্যাভিচাৰ।।" শংকৰদেৱে লিখা বুলি কোৱা এই কথাখিনি কিন্তু মই হজম কৰিব নোৱাৰো৷ আপুনি শংকৰদেৱে অন্যৰ ধৰ্মক নিন্দা কৰিবলৈ মানা কৰা বুলি কোৱাৰ পিছত শংকৰ
দেৱৰ এই উক্তিখিনি অলপ হজম কৰা টান হয়৷ কেবল অন্য দেৱ-দেৱীক পূজা কৰাৰ বাবেই ঘৰলৈও আহিবলৈ মানা কৰাটো মোৰ দৰে অন্য দেৱ-দেৱীৰ পূজা-পাতলো চোৱা মানুহৰ বাবে কিছু অসহজ হোৱা স্বাভাৱিক৷ শংকৰদেৱক মই মহান কলাকাৰ বুলি ভাবো, মহত্ সাহিত্যিক বুলি ভাবো, এজন সৰ্বগুণাকৰ ব্যক্তি বুলি ভাবো, কিন্তু তেওঁ লিখা এনেধৰণৰ কথাবোৰক মৌলিক সত্য বুলি মানি নলওঁ৷ মানি ল’ব পাৰি হয়তো সেই সময়ৰ সামাজিক পৰিস্থিতি সাপেক্ষে তেওঁ এনে এষাৰ কথা কৈছিল, কিন্তু আজিৰ যুগত শংকৰদেৱৰ এই কথাষাৰৰ কোনো মূল্য থকা বুলি মই নাভাবো৷ লগতে বিশ্বাস কৰো যে বৰ্তমান সময়ত অসমত শংকৰদেৱৰ ধৰ্ম মতত বিশ্বাসী বুলি জাহিৰ কৰা একাংশ মৌলবাদীৰ আবিৰ্ভাব হৈছে৷
November 4 at 11:32pm
·
Edited
·
Like
·
4
Dipankar Deka
পোষ্ট টি অবাতে গৈ আছে নেকি ?
November 4 at 11:35pm
·
Like
Biswajit Sutradhar
Dipankar Deka
ডাঙৰীয়া, যুক্তিৰ বাটটোক বহুতেই অবাট বুলি কয় আৰু ইয়াকেই মৌলবাদ বোলে৷
November 4 at 11:37pm
·
Edited
·
Like
Biswajit Sutradhar
শংকৰদেৱৰ ধৰ্মমতক মৌলিক বুলি ভাবিবলৈ আৰম্ভ কৰাৰ পৰাই মৌলবাদৰ সৃষ্টি হ’ব পাৰে৷ সাবধান মানুহ শংকৰদেৱ যেন অমৰ হৈ থাকে, আমাক ভগৱান শংকৰদেৱৰ প্ৰয়োজন নাই৷
November 4 at 11:39pm
·
Like
·
1
Dipankar Deka
বিতৰ্ক আৰু পোষ্ট ৰ মাজৰ ব্যৱধান । ভাল বোৰ খোচাৰক হে
Biswajit Sutradhar
।
November 4 at 11:41pm
·
Like
Pankaj Thakuria
শংকৰদেবৰ দৰ্শন বা লক্ষ্য প্ৰচলিত ভাৰতীয় দৰ্শনৰ পৰা বহু পৰিমানেৰে পৃথক নাছিল যেন লাগে, মোৰ সীমিত অধ্যয়নেৰে। কেবল লক্ষ্যত উপনীত হোৱাৰ ধাৰনাই শংকৰদেবক পৃথক কৰিছিল। সমাজজীবনত নতুন বৈপ্লবিক চিন্তাৰ ধাৰনা সময়ৰ আপেক্ষিক। আনহাতে নতুন চিন্তাক যুক্তিৰে প্ৰতিষ্ঠা
কৰিব পাৰি। আজি আমি শংকৰদেবে কৈছিল বুলি শিলৰ ৰেখা বা ধৰি লৈ চলো তেন্তে আমি শংকৰদেবক কৰা আটাইতকৈ ডাঙৰ অপমান হব। প্ৰথম কথা যুক্তিবাদী চিন্তাধাৰা আৰু যুক্তিৰে সত্যাক প্ৰতিষ্ঠা কৰাৰ ধাৰনা শংকৰদেবে প্ৰচাৰ কৰিছিল। তাৰ মাজত নিৰাকাৰ ঈশ্বৰৰ ধাৰনাটো মানিবলগীয়া। ১৫ শতিকাত যুক্তিৰে মাধবদেবক সাকাৰ ঈশ্বৰৰ পৰা নিৰাকাৰ ঈশ্বৰৰ ধাৰনালৈ আনিবলৈ তেখেতে যুক্তি যুদ্ধৰ অবতাৰনা কৰিছিল। এতিয়া পষ্টটোত কোৱা শংকৰদেবী ধৰ্ম বুলি ক'লে মই সেই যুক্তিবাদী ধৰ্মটোকহে বুজি পাও। যদি সেই যুক্তিবাদী ধৰ্মৰ কথাৰে চাও তেন্তে আজি শংকৰদেবে হয়তো কলে হয় দেৱালীত হিলৈ ফুটোৱা টকাৰে বহুত বেলেগ জনকল্যানৰ কাম কৰিব পৰা গ'লহয়। নাইবা হিলৈৰ টকাৰে মিঠাই কিনি মিঠাই খাবলৈ মানুহ মাতি জ্ঞানৰ প্ৰচাৰ কৰিলেহয়। নাইবা যদি ভাওনা এখন কৰিবলগীয়া হ'ল হয় তেন্তে আমাৰ মাজৰ সাম্প্ৰদায়িক দৃষ্টিভংগী আতৰ কৰি কেনকৈ সাধুতা আৰু সততাৰে জীয়াই থাকিব পাৰি তাৰ ওপৰত ভাওনা কৰিলেহয়। গতিকে চিন্তা কৰক সেই যুক্তিবাদী ধাৰনাৰে এই পষ্টটো শংকৰদেবে যদি দেখিলেহয় তেন্তে কি উত্তৰ দিলেহয়? মই এটা কথা কিন্তু নাজানো পষ্টতোট কোৱা শংকৰদেবৰ ধৰ্মাবলম্বী বুলি কাক বুজোৱা হৈছে। মই শংকৰদেবৰ যুক্তিবাদী ধাৰনাক মানি চলিব বিচাৰো গতিকে মইও শংকৰদেবৰ ধৰ্মাবলম্বী হম নেকি?
November 4 at 11:45pm
·
Edited
·
Unlike
·
3
Biswajit Sutradhar
আমি কি বেয়া খুচৰিছো আপুনি দেখুৱাই দিয়কহে
Dipankar Deka
মহাশয়৷ যুক্তপূৰ্ণ কথাৰে জ্ঞানৰ চৰ্চাই আমি কৰিছো, নে আমি ‘সমাজ গঠনত পৰ্নোগ্ৰাফিৰ ভূমিকা’ জাতীয় বিষয়ৰ ওপৰত আলোচনা কৰিব লাগিছিল৷ আপুনি আমাক কি ভাল খুচুৰিবলৈ কৈছে, আমি কিবা বেয়া কথা কৈ আছো নেকি? কথা কও
ঁতে অলপ ভাবি-চিন্তি ক’ব৷ আমি কি বেয়া কথা কৈ আছো যে আমি ভাল খুচুৰিব লাগিব৷ আপোনাৰ কথাত মই অপমান অনুভৱ কৰিছো৷ আপুনি বিতৰ্ক বেয়া পয়, গতিকে আপুনি অংশ গ্ৰহণ নকৰিব৷ কিন্তু এই আলোচনাত
Pankaj Thakuria
,
Mridul Kumar Borah
ইত্যাদি মহাশয়সকলৰ কথাবোৰে আমাক উপকৃত কৰিছে৷
November 4 at 11:48pm
·
Edited
·
Unlike
·
3
দীপাংকৰ পাঠক
ধৰ্মৰ নামত ইমান বাক-বিতন্ডাৰ প্ৰয়োজন নাই নেকি? শাক্ত-একশৰণীয়া, হিন্দু-মুছলমান, শিখ-খ্ৰিষ্টীয়ান আদি ধৰ্মীয় ধাৰণাবোৰে আচলতে মানুহক মানুহৰ পৰা আতৰাইহে নিছে নেকি!
November 4 at 11:51pm
via
mobile
·
Like
·
4
Biswajit Sutradhar
দীপাংকৰ পাঠক
মহাশয়, বিতৰ্কৰ প্ৰয়োজন নাথাকিব কিয়৷ নিশ্চয় আছে৷ সত্যক উদ্গাতন কৰিবলৈ বিতৰ্কৰ প্ৰয়োজন হয়, সি অনন্ত বিতৰ্ক হ’লেও হ’ব পাৰে৷ ঈশ্বৰ আছে নে নাই, এই কথাটোৰ ওপৰত কোনোকালে বিতৰ্কৰ শেষ নহয়, কিন্তু বিতৰ্কটো এতিয়াও পৃথিৱীত হৈ আছে৷ মই পোষ্টটো দিয়াৰ সময়
ত ইয়াৰ উত্তৰত কোনে কি ক’ব পাৰে মই নাজানিছিলো৷ কিন্তু বন্ধুসকলে পোষ্টটো আলোচনাৰ পৰ্যায়লৈ নিয়াৰ ফলত আলোচনাখিনি বিতৰ্কৰ পৰ্যায়লৈ গৈছে, কিন্তু এই বিতৰ্কৰ পৰা কোনোবাৰ কিবা লাভ নহ’ব পাৰে, কিন্তু ই কাৰো ক্ষতি কৰা নাই৷ কোনোবাই বিতৰ্কটো ভাল পোৱা নাই, তেওঁ নপঢ়িলেই হ’ল৷ কিন্তু কোনোবাই হয়তো বিতৰ্কটোৰ পৰা উপকৃতও হৈছে৷ অৱশ্যে এই গোটৰ প্ৰশাসকসকলে যদি এটা নিয়ম কৰে যে কোনো এটা বিষয়ৰ ওপৰতে বিতৰ্ক হ’ব নালাগে, তেন্তে কথাবোৰ বেলেগ হ’ব৷ কিন্তু এতিয়ালৈকে বিতৰ্ক কৰাত বাধা কি? ফেচবুকৰ বাহাদুৰি হ’ল নিজৰ মত মুকলিকৈ প্ৰকাশ কৰাৰ সু়যোগ পোৱাতে৷
Dipankar Deka
মহাশয়ে এই সৃষ্টিশীল বিতৰ্কটো দেখিয়েই অবাটটো আবিষ্কাৰ কৰি পেলালে৷ অথচ আমি শংকৰদেৱৰ বিষয়ে কোনোৱে এষাৰো বেয়া কথা কোৱা নাই৷ সকলোৱে শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা ৰাখিয়েই কথা কৈছো৷
November 4 at 11:59pm
·
Edited
·
Unlike
·
2
দীপাংকৰ পাঠক
ইশ্বৰ আছে নে নাই? কথাটো যদি এয়াই -ইশ্বৰ কত আছে বাৰু? ইশ্বৰক থাকিবলৈ আৰ চি চি বা আছাম টাইপ মন্দিৰ, মছজিদ বা গীৰ্জাঘৰ লাগে নেকি বাৰু?
November 4 at 11:58pm
via
mobile
·
Like
Dipankar Deka
মহাশয় ৰ পোষ্ট....>বন্ধুসকলৰ পৰা এটা কথা জানিব খুজিছো- শংকৰদেৱৰ ধৰ্মাবলম্বীসকলে দেৱালী উদযাপন নকৰে নেকি? মোৰ কৰা নকৰাক লৈ কোনো আপত্তি নাই, কিন্তু মোৰ জানিবৰ মন গৈছে কথাটো সঁচানে মিছা৷............. আৰু Sutradhar মহাশয় ৰ বিতৰ্ক----->অন্য দেৱী দেৱ নকৰিবা স
েৱ নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা গৃহো নপশিবা ভক্তি হৈব ব্যাভিচাৰ।।" শংকৰদেৱে লিখা বুলি কোৱা এই কথাখিনি কিন্তু মই হজম কৰিব নোৱাৰো৷ আপুনি শংকৰদেৱে অন্যৰ ধৰ্মক নিন্দা কৰিবলৈ মানা কৰা বুলি কোৱাৰ পিছত শংকৰদেৱৰ এই উক্তিখিনি অলপ হজম কৰা টান হয়৷ কেবল অন্য দেৱ-দেৱীক পূজা কৰাৰ বাবেই ঘৰলৈও আহিবলৈ মানা কৰাটো মোৰ দৰে অন্য দেৱ-দেৱীৰ পূজা-পাতলো চোৱা মানুহৰ বাবে কিছু অসহজ হোৱা স্বাভাৱিক৷ শংকৰদেৱক মই মহান কলাকাৰ বুলি ভাবো, মহত্ সাহিত্যিক বুলি ভাবো, এজন সৰ্বগুণাকৰ ব্যক্তি বুলি ভাবো, কিন্তু তেওঁ লিখা এনেধৰণৰ কথাবোৰক মৌলিক সত্য বুলি মানি নলওঁ৷ মানি ল’ব পাৰি হয়তো সেই সময়ৰ সামাজিক পৰিস্থিতি সাপেক্ষে তেওঁ এনে এষাৰ কথা কৈছিল, কিন্তু আজিৰ যুগত শংকৰদেৱৰ এই কথাষাৰৰ কোনো মূল্য থকা বুলি মই নাভাবো৷ লগতে বিশ্বাস কৰো যে বৰ্তমান সময়ত অসমত শংকৰদেৱৰ ধৰ্ম মতত বিশ্বাসী বুলি জাহিৰ কৰা একাংশ মৌলবাদীৰ আবিৰ্ভাব হৈছে৷ ।...........................................পোষ্ট কোন বাটে ?? সষ্টিয়া প্রচাৰ বিছাৰি কৰা বিতৰ্ক ( শংকৰ বিভ্রান্ত ৰ দৰে )নে নজনাটো জনাৰ সৎ মানসিকতা ।
November 5 at 12:08am
·
Edited
·
Like
·
1
Biswajit Sutradhar
Dipankar Deka
, আপুনি কি সস্তীয়া প্ৰচাৰৰ কথা কৈছে৷ হীৰেন গোঁহাই, শিৱনাথ বৰ্মন ইত্যাদিৰ দৰে ব্যক্তিয়ে লিখাৰ দৰেই আমি শংকৰদেৱক মূল্যায়ন কৰিছো৷ আৰু প্ৰচাৰ? এই পোষ্টৰ পৰা আমি কি প্ৰচাৰ পাইছো৷ আমাৰ নাম গৈ টিভি চেনেলৰ এক্সক্লুচিভ নিউজত পৰিণত হৈছে নেকি? এতিয়াল
ৈকে এই পোষ্টৰ আলোচনাত মাত্ৰ কেইজনমান বন্ধুৱে অংশ গ্ৰহণ কৰিছে আৰু পোষ্টটো লাইক কৰিছে মাত্ৰ সাত জনে৷ কি প্ৰচাৰ পাইছো আমি৷ সস্তীয়া কথা নক’ব মহাশয়৷ অলপ ওজন ৰাখক৷ শংকৰদেব শংকৰদেৱ বুলি ডিঙি ফালি সভা গালেই শংকৰদেৱৰ মূল্যায়ন নহয়, মানুহ শংকৰদেৱক প্ৰতিষ্ঠা কৰিব লাগিব৷ চক্ৰেটিছো মহাপুৰুষ আৰু শংকৰদেৱো মহাপুৰুষ- অথচ চক্ৰেটিছ হৈ ৰ’ল এজন মানুহ আৰু শংকৰদেৱক আমি মানুহৰ পৰা নি কৰি পেলালো ভগৱান৷
November 5 at 12:07am
·
Like
·
2
Dipankar Deka
" হীৰেন গোঁহাই, শিৱনাথ বৰ্মন ইত্যাদিৰ দৰে ব্যক্তিয়ে লিখাৰ দৰেই আমি শংকৰদেৱক মূল্যায়ন কৰিছো৷ " যি সময়ত আপুনি নিজকে হীৰেন গোঁহাই, শিৱনাথ বৰ্মন আদিৰ লগত একে শাৰীত ৰাখি শংকৰদেৱক মূল্যায়ন কৰিছে তেনে সময়ত সস্তীয়া প্ৰচাৰৰ অৰ্থ নুবুজাতো আচৰিত । ম্লেচৰ অৰ্থ ন
ুবুজাকৈ চানচুমা দেৱে কিৰ্তন ঘোষা ক বেন্ কৰাৰ কথাকোৱা নতুবা লাইক বা কমেন্ট পাবলৈ বিতৰ্ক মূলক পোষ্ট দিয়া এই বোৰ সষ্টিয়া প্রচাৰৰ অংশ মাথোন । শংকৰদেৱৰ মূল্যায়ন কিদৰে কৰিব বিচাৰিছে অলপ ভাবক চোন ?......................"আজি যদি থাকিলে হয় তেখেত, ফেচবুকত কি আপদেট দিলে হয়? শংকৰদেব চিনেমাৰপৰিচালক হ'লে কি চিনেমা বনালে হয়?" এনেকৈ নে আপূনি কোৱাৰ দৰে "অন্য দেৱী দেৱ নকৰিবা সেৱ নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা গৃহো নপশিবা ভক্তি হৈব ব্যাভিচাৰ।।" কিন্তু আজিৰ যুগত শংকৰদেৱৰ এই কথাষাৰৰ কোনো মূল্য থকা বুলি মই নাভাবো৷ এনেকুৱা মতেৰে । আপুনি কোৱা "মহাশয়৷ অলপ ওজন ৰাখক৷" কথাৰে আপুনি যেন বল প্রয়োগেৰে আপোনাৰ মতক সমৰ্থন জনোৱাৰ হাবিয়াস কৰিছে যেন বোধ হল। .....ক্ষুদ্র জ্ঞানেৰে কথাখিনি মুকলিকৈ কলো ।
November 5 at 12:41am
·
Edited
·
Like
·
1
Mridul Kumar Borah
মই উল্লেখ কৰা শংকৰদেৱৰ উক্তিটো দৰাচলতে শংকৰদেৱৰ অনুবাদহে। এই অনুবাদৰ নূল উৎস হৈছে পদ্ম পুৰাণ। মই পঢ়িবলৈ পোৱা কেইটামান শ্লোকৰ উদ্ধৃতি দিলোঁ-
নান্যংচ পূজয়েদ্দেবং ন নমেত্তং স্মৰেন্নচ।
ন চ পশ্যেন্নগায়েচচ ন চ নিন্দেত্ কদাচন।। পাতাল খণ্ড
অৰ্থ- অন্য দেৱৰ পূজা নকৰিবা, নমস্কাৰ বা স্মৰণ নকৰিবা, মূৰ্ত্তিও নাচাবা, কীৰ্ত্তন নকৰিবা, আনহাতে নিন্দাও নকৰিবা।
ইতৰেষাংতু দেৱানামন্নং পুষ্পং জলং তথা।
অস্পৃশ্যংতু ভৱেত্ সৰ্বং নিৰ্মল্যং সুৰয়া সমম্।। উত্তৰ খণ্ড
অৰ্থ- অন্যান্য দেৱতাত অৰ্পিত অন্ন, পুষ্প, জল, নিৰ্মালি আদি সুৰাতুল্য, অস্পৃশ্য।
অল্পমতিয়ে বেছি কোৱা হৈছে যদি ক্ষমা কৰিব। তৰ্কৰ বাবে কথাখিনি লিখা হোৱা নাই। শংকৰদেৱৰ প্ৰসংগত ওলোৱা বাবেহে লিখিলোঁ। আমি পণ্ডিত নহওঁ।
Yesterday at 5:18am
·
Edited
·
Like
·
2
Pradyumna Kumar Gogoi
গুৰুৱে গঢ়ে, ভকতে ভাঙে- মূল কথা এইটোৱেই।
Yesterday at 1:43pm
via
mobile
·
Like
·
2
Biswajit Sutradhar
Dipankar Deka
, আপোনাৰ লগত কথা পতা আৰু হোলোঙাৰে কাণ খুজোৱা একে কথা৷ ক্ষমা কৰিব, পিছলৈ যেন আপুনি আমি দিয়া পোষ্টৰ ওপৰত কোনো কথা নকয়, মই নুবুজাক ধাৰে-চাপাৰে বুজাব নোৱাৰো৷ পণ্ডিত হীৰেন গোঁহাই, শিৱনাথ বৰ্মন আৰু আমি, ক’ত হৰিদ্বাৰ কত......... কিন্তু তেওঁলোকৰ ম
ূল্যায়নৰ দৰে আমিও নিশ্চয় মূল্যায়ন কৰিব পাৰো৷ কেবল শংকৰদেৱ শংকৰদেৱ বুলি চিঞৰি থাকিলেই শংকৰদেৱৰ বাবে কিবা কৰা নুবাজায়৷ মানুহ শংকৰদেৱৰ যিসকলে বুজিবলৈ চেষ্টা কৰিছে, সেইসকলেহে শংকৰদেৱক উপযুক্ত মৰ্যদা দিবলৈ সক্ষম হৈছে৷ শংকৰদেৱ আমাৰ দৰেই তেজ মঙহৰ মানুহ, মাত্ৰ তেওঁৰ প্ৰতিভা অপৰিসীম৷ আমি মানুহ শংকৰদেৱক বিচাৰো...... মূল্যায়ন কৰো৷ ‘যো হৰি মাৰল কংশ, শংকৰ তাকেৰি অংশ’ জাতীয় সাধাৰণস্তৰৰ কথাবোৰৰ ওপৰত আমাৰ গুৰুত্ব দিবলগীয়া নাই৷ মই বিতৰ্ক ভাল পাওঁ, সেই বাবেই বিতৰ্কত অংশ লওঁ৷ আৰু নিজক জহাবলৈ মোৰ ইচ্ছা থাকিলে নিশ্চয় ময়ো সাংবাদিক হ’লোহেঁতেন৷ মই কিন্তু সাধাৰণ ডিটিপি অপাৰেটৰহে৷ আৰু এটা কথা কওঁ, শংকৰদেৱৰ নামত অসমত গঢ়ি উঠা কিছুমান সংগঠনৰ কাম-কাজৰ মাজতে বৰ্তমান মৌলবাদৰ লক্ষণ দেখা গৈছে৷ গতিকে মৌলবাদীক আমি গুৰুত্ব নিদিওঁ৷ ধন্যবাদ৷ আশাকৰো ভৱিষ্যতে যেন আপুনি আমাৰ লগত কোনো বিতৰ্কত অংশ গ্ৰহণ নকৰে৷ আপুনি সৃষ্টিশীল সাহিত্যিক হওক আৰু শংকৰদেৱৰ নামত গঠন হোৱা কোনো এটা সংগঠনৰ নেতা হ’বলৈ চেষ্টা কৰক৷ বক্তৃতা দি গ্লেমাৰ অৰ্জন কৰিব পাৰিব৷
23 hours ago
·
Like
·
1
Biswajit Sutradhar
Mridul Kumar Borah
, আপোনাৰ দৃষ্টিভংগীক মই শ্ৰদ্ধা কৰিছো৷ বহুত ধন্যবাদ৷ আপোনাৰ পৰা আমাৰ শিকিবলগীয়া আছে৷
23 hours ago
·
Like
Dipankar Deka
" আমি দিয়া পোষ্টৰ ওপৰত " ডাঙৰীয়া আপোনাৰ পোষ্টত "আমি" ৰূপে কাৰ কাৰ বা কথা কলে ? হোলোঙাৰে কাণ খুজোৱা . মই নুবুজাক ধাৰে-চাপাৰে । পণ্ডিত হীৰেন গোঁহাই, শিৱনাথ বৰ্মন আৰু আমি, ক’ত হৰিদ্বাৰ কত......... মৌলবাদ ? নুবজিলো ।
23 hours ago
·
Edited
·
Like
Biswajit Sutradhar
Dipankar Deka
, ধন্যবাদ, নুবুজাকৈয়ে থাকক৷ বুজাৰ প্ৰয়োজনো নাই৷
23 hours ago
·
Like
Dipankar Deka
বহুত ধন্যবাদ৷ ।
23 hours ago
·
Like
Pratim Pratap Baruah
আলোচনাটোৰ কিছুমান কথা পঢ়ি ভাল পাইছোঁ। (অৱশ্যে তাৰ মাজতে কিছুমান কথা বাদ দিবলগীয়া ধৰণৰ।)
শংকৰদেৱক আমি কিমান জানো, তেওঁৰ অসীম প্ৰতিভাৰে কৰা কামবোৰৰ বিষয়ে অসমৰ সৰ্বসাধাৰণ মানুহে সঁচা অৰ্থত কিমান জানে তাত মোৰ অলপ সন্দেহ আছে। বিশ্বত পৰিচিত হৈ উঠিব লগা অসমৰ এজন মনিষীৰ বিষয়ে আমি অসমীয়াসকলেই হয়তো ভালকৈ নাজানো।
23 hours ago
·
Like
·
1
Dipankar Deka
barua দা শুদ্ধ কথাকেই কইছে । শংকৰদেৱক আমি কিমান জানো? অসীম প্ৰতিভাৰ এইজনা মনিষী ক লৈ সমালোচনা কিমান শুদ্ধ ? বিৰ্তক ভাল পোৱা বাবেই বহু মহা পন্ডিতে শংকৰদেৱক বিৰ্তকৰ আওটালৈ আনিব বিছাৰে । সময়ে কব কোন কিমাননদূৰ শুৰ্দ্ধ ।
23 hours ago
·
Like
Biswajit Sutradhar
Dipankar Deka
, শংকৰদেৱক লৈ আলোচনা আৰু সমালোচনা হোৱা উচিত৷ শংকৰদেৱ বিতৰ্কৰ আওতালৈ অহা উচিত৷ কাৰণ শংকৰদেৱ মানুহ৷ আপুনি শংকৰদেৱক পূজা কৰি থাকক, আমি পূজা নকৰো৷ প্ৰতিভাৰ স্বীকৃতি দিয়াতো কিন্তু কৃপণালী নকৰো৷ এজন ধৰ্মগুৰুতকৈও শংকৰদেৱ অন্য ক্ষেত্ৰতহে আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ৷ শংকৰদেৱ দিয়া সাহিত্য, সংস্কৃতি আৰু শিল্প আজিও প্ৰাসংগিক, কিন্তু তেওঁৰ ধৰ্ম বুলি যিটো বস্তুক কোৱা হয়, সেইখিনি কিন্তু তেওঁ জীয়াই থাকোতেই বিভাজনৰ পথলৈ গৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছতে চাৰি ভাগত বিভক্ত হৈ পৰিছিল৷ গতিকে তেওঁৰ ধৰ্মটোৰ গুৰুত্ব মোৰ ওচৰত বৰ বেছি নাই৷ কিন্তু তেওঁৰ বৰগীত মই শুনো, ভাল পাওঁ, তেওঁৰ ভাওনা মই চাওঁ৷ তেওঁৰ সাহিত্য মই পঢ়ো৷ কথা এনেধৰণৰ আপুনি শংকৰদেৱৰ ধৰ্মটোক লৈ থাকক, আমি সেইটোক প্ৰয়োজনতকৈ অধিক গুৰুত্ব নিদিওঁ৷
22 hours ago
·
Edited
·
Like
·
5
Pratim Pratap Baruah
শংকৰদেৱক লৈ আলোচনা, সমালোচনা, বিতৰ্ক সকলো হোৱা উচিত। আলোচনা যিমানেই হয় সিমানেই ভাল।
22 hours ago
·
Like
·
4
Dipankar Deka
Biswajit Sutradhar মই শাক্তধৰ্মী হে দেই । মই শংকৰদেৱক পূজা নকৰো কিন্তু তেখেতৰ কৰ্মৰাজীক সন্মান লগতে পূজাও কৰো । কাজে উপদেশ দিয়াৰ বাবে কলো ।
22 hours ago
·
Like
Biswajit Sutradhar
Dipankar Deka
, চিন্তা নকৰিব, মই মানুহ শংকৰদেৱৰ বিষয়েহে বিতৰ্ক কৰি ভাল পাওঁ, কিন্তু শাক্তধৰ্মীসকলৰ দূৰ্গা বা কালীক লৈ বিতৰ্ক নকৰো৷ আপুনি শাক্তধৰ্মী হৈ শংকৰদেৱৰ ‘অন্য দেৱ-দেৱীক পূজা নকৰা আৰু প্ৰসাদ নোখোৱা আৰু গৃহলৈও নোযোৱা’ দৰ্শনলৈ সন্মান প্ৰদৰ্শন কৰাৰ বাবে ভাল লাগিছে৷ আপুনি সঁচাকৈয়ে উদাৰ৷ ধন্যবাদ ডাঙৰীয়া৷ পিছে এটা কথা ভাবি বেয়া লাগিছে যে যিকোনো এজন শংকৰীয়ে কিন্তু আপোনাৰ ঘৰলৈও নাহে, নাইবা আপোনাৰ পূজাৰ প্ৰসাদো নাখায়৷
22 hours ago
·
Like
Dipankar Deka
Biswajit Sutradhar চিন্তা নকৰো, ধৰ্ম লৈ বিৰ্তক হলে মোক পাই থাকিব । আনধৰ্মক লৈ আলোছনা কৰাৰ আগতে নিজ ধৰ্ম ক কিমান জানে সহজ ভাবে জ্ঞাত হোৱাতো দৰকাৰ আপুনি যে কলে "শংকৰদেৱৰ বিষয়েহে বিতৰ্ক কৰি ভাল পাওঁ" আছলতে বিৰ্তক নে নিন্দা ভাল পাই আপুনি । নিজ ভালেই জগত ভাল । উপদেশ নহয় অনুৰুধ মাথোন । কৰ্মৰে শংকৰদেৱ মহান ।
22 hours ago
·
Like
Mridul Kumar Borah
Biswajit Sutradhar
"যিকোনো এজন শংকৰীয়ে কিন্তু আপোনাৰ ঘৰলৈও নাহে, নাইবা আপোনাৰ পূজাৰ প্ৰসাদো নাখায়৷"- কথাষাৰত অলপ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। দৰাচলতে মই জনাত শংকৰদেৱৰ অনুগামী এজন, বিশেষভাৱে "শ্ৰীমন্ত শংকৰদেৱ সংঘ", "একশৰণ ভাগৱতী সমাজ" আৰু "শংকৰদেৱ সমাজ"ৰ সঙ্গীসকলে আনৰ ঘৰত তেওঁলোকৰ মতৰ পৰিপন্থী মাংগলিক অনুস্থানসমূহতহে অংশ নলয়। সেয়ে তেনে অনুস্থানৰ প্ৰসাদো নাখায়। ঘৰলৈ অহা যোৱাত আপত্তি নকৰে।
13 hours ago
·
Like
·
2
Pradyumna Kumar Gogoi
"বাটৰ কচু আহ মোৰ নাকতে সোমা" মনোভাবেৰে এটা কথা নকৈ নোৱাৰিলো যদিহে উত্সৱ-পূজা-বিয়া ইত্যাদিয়ে সামাজিক সম্প্ৰীতি বঢ়ায়, তেনেহ'লে আজিৰ বহুধাবিভক্ত পৰিৱেশত এটা মতকে সকলোতকৈ শুদ্ধ বুলি খাঁমুচি থকাটো বাস্তৱিকনে? "নাপায়"- এই শব্দটো সত্ৰটো আছে, শেহতীয়া সঙ্ঘ-সমাজতো আছে। যিটো কোনোপধ্যে প্ৰগতিশীল নহয়।
12 hours ago
via
mobile
·
Like
·
2
Biswajit Sutradhar
Dipankar Deka
, আপুনি কৈছে - আছলতে বিৰ্তক নে নিন্দা ভাল পাই আপুনি । প্ৰলাপ নবকিব... আপুনি যুক্ত-তৰ্ক কৰাৰ অৰ্হতা থকা মানুহ নহয়, মোৰ ওপৰৰ কোনখিনি কথাত নিন্দা বিচাৰি পাইছে দেখুৱাই দিয়ক, মই আপোনাক প্ৰত্যাহ্বান জনালো৷ যিহকে পায় তিহকে কৈ নাথাকিব৷ সত ভাবে বিত
...
See More
28 minutes ago
·
Like
Biswajit Sutradhar
এই বিতৰ্কত
Pankaj Thakuria
মহাশয়ৰ কথাখিনি ভাল লাগিছে৷ মই অসম্ভৱ অৱস্থাৰ কথা কৈ ভাল নাপাওঁ, তথাপি কৈছো, আজিৰ যুগত যদি শংকৰদেৱ জন্ম গ্ৰহণ কৰিলেহেঁতেন, তেওঁ হয়তো এজন বিশ্ববিখ্যাত চিত্ৰ পৰিচালক হ’লহেঁতেন, হয়তো এজন বিশ্ববিখ্যাত সাহিত্যিক হ’লহেঁতেন, যেয়ে নিজ
ৰ সৃষ্টিৰ মাজেৰে এক আধুনিক জীৱনমুখী দৰ্শনক প্ৰতিভাত কৰিলেহেঁতেন৷ হয়তো তেওঁ গণতান্ত্ৰিক মূল্যবোধৰ কথা ক’লেহেঁতেন, ক’লেহেঁতেন ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰ কথা, হয়তো ক’লেহেতেন বিশ্বৰ নিপীড়িত মানুহৰ মুক্তিৰ কথা৷ কথাবোৰ এনেদৰে ভাবিবও পাৰি৷ কিন্তু এয়া এক ফেণ্টাচিহে......
19 minutes ago
·
Like
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)