Friday 1 November 2013


মই আহোম জাতীয়তাবাদ সম্পৰ্কে লিখা এটা টোকাক কেন্দ্ৰ কৰি এই গ্ৰুপত বৰকৈ বিতৰ্ক হৈছিল৷ দুজনমানে মোক বৰ বেয়াকৈও কৈছিল৷ কথাবোৰ এনেধৰণৰ যে আহোম ৰাজতন্ত্ৰৰ ছত্ৰ-ছায়াতে অসমীয়াই এটা জাতিগোট হিচাপে গজালি মেলিছিল৷ কিন্তু যদি ভাষাটোকো জাতি গঠনৰ এটা কাৰক হিচাপে ষ্টেলিনে কোৱাৰ দৰে আমি ভাবিব লাগে, তেন্তে অসমীয়া জাতিটোও ভাষাৰ ভিত্তিত ভালেমান গোষ্ঠী, সম্প্ৰদায় ইত্যাদি লগ হৈ হৈছে৷ কোনোবা বামুন, কোনোবা কলিতা, কোনোবা আহোম- কিন্তু আমি সকলোৱে অসমীয়া ভাষাত কথা কওঁ আৰু এই ভাষিক মিলটো আমাৰ বাবে অতি গুৰুত্বপৰ্ণ৷ আমি নিজৰখিনি ৰাখিও ভাষাটোৰ আলমত একগোট হ’ব পাৰো, সামগ্ৰিক সাংস্কৃতিক উন্নতিৰ কথা চিন্তা কৰিব পাৰো আৰু অসমত বাস কৰা অন্য খিলঞ্জীয়া ভাষিক গোষ্ঠীবোৰৰ ভাষা-সংস্কৃতিলৈ সন্মান ৰাখি অসমীয়া ভাষাক এটা লিংগুৱা ফ্ৰাংকা বুলি ধৰি লৈ একগোট হৈ থাকিব পাৰো৷ আমি কোনোটো থলুৱা ভাষিক গোষ্ঠীয়ে আন এটা থলুৱা ভাষিক গোষ্ঠীৰ অধিকাৰ খ...See More
Like ·  · Unfollow Post ·  · October 30 at 1:36pm · Edited
  • Subrat Gogoi অতি সজ কথা।
  • Dhruba Jyoti এটা ভাল লিখনি| ৬ ঘন্টা এনেদৰে পৰি থাকিব নালাগিছিল ।এই বিষয়ত আলোচনা কৰিবলৈ মোৰ জ্ঞান সিমিত| সকলোৱে নিজস্ব মত আগবঢ়ালে এটা ধাৰণা ল'ব পাৰিলোঁহেতেন...
  • Sarma Raktim একমত।সময়উপযোগী লেখা।অৱশ্যে আহোম জাতীয়তাবাদ শব্দটো প্ৰথম শুনিলো।মোৰ জনাত আহোম এটা প্ৰশাসনীয় ব্যৱস্থাহে।এই ব্যৱস্থাত অসমৰ সকলো জনগোষ্ঠীৰ লোকেই আছিল আৰু স্বৰ্গদেউৰ বিষয়বাব খাইছিল।টাইমূলীয় চুকাফা অসমীয়া জাতিৰ পিতৃস্বৰূপ কিয়নো তেখেতৰ প্ৰচেষ্টাতেই সাত ৰাজ সামৰি এক ৰাজ কৰা হোৱা বাবেই অসমীয়া জাতিগঠন প্ৰক্ৰিয়াই সাৰ পানী পাই লহপহাই বাঢ়িছিল।অকল টাইমূলীয় লোকসকলক আহোম বুলি কোৱা হয় যদিও ই এক সংকীৰ্ণ বিশ্লেষনহে।
  • সত্যজিত কাকতি ৰক্তিম ডাঙৰীয়াৰ সৈতে মই একমত,জাতীয়তাবাদ শব্দটিৰ উপযুক্ত প্রয়োগ নহ'ল।মই জনাত আহোম শব্দটো সষ্টি হৈছে অসমত ,আহোম এটা সম্প্রদায় বুলি ক'লে বেছি উপযোগী হৈ পৰে।
  • Biswajit Sutradhar Sarma Raktim, মই আহোম জাতীয়তাবাদ বোলোতে আহোম ৰাজতন্ত্ৰৰ ব্যৱস্থাটোক বুজোৱা নাই, বৰং ঊনবিংশ শতিকাৰ প্ৰথম ভাগত অসমত গঢ়ি উঠা এটা প্ৰৱণতাকহে বুজাইছো৷ এই প্ৰৱণতাটোৱে এটা নিৰ্দিষ্ট পৰ্যায়লৈ শুভই আছিল, কিন্তু পাছলৈ ই এক প্ৰকাৰৰ গোষ্ঠীবাদী জাতীয়তাবাদলৈ ৰূপান্তৰিত হৈছিল৷ আনকি পদ্মনাথ গোহাঞবৰুৱাৰ দৰে মহান অসমীয়ায়ো তেনে প্ৰৱণতাক সাৰ-পানী দিছিল৷ এই বিষয়ে মোতকৈ সম্ভৱত Debabrot Gogoi মহাশয়ে বেছিকৈ জানিব৷ আহোমসকলৰ একাংশই নিজৰ সুকীয়া পৰিচয়কলৈ এটা সময়ত ইমানেই বেছি আগ্ৰহী পৰিছিল যে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত সি হেঙাৰ হৈ পৰিব খুজিছিল৷ আজিও তেনে এক প্ৰৱণতা মাজে মাজে মূৰ দাঙি উঠা যেন মোৰ ভাব হয়৷ বহুতে অৱশ্যে এনে কথাবোৰ কাষ্ট হিন্দু দোষতেই হোৱা বুলি ক’ব খোজে৷ কথাটো আংশিকভাবে সত্যও৷ অসমৰ কাষ্ট হিন্দুসকলে এটা সময়লৈকে বৰ বেছি গোৰা আছিল আৰু জনজাতীয় গোষ্ঠীবোৰক কিছু হীন চকুৰে চাইছিল৷ কিন্তু এইক্ষেত্ৰত আমি মাজে মাজে এটা গোষ্ঠীয়ে নিজতকৈ দুৰ্বল গোষ্ঠী এটাক হীন চকুৰে চোৱা প্ৰৱণতাও দেখা পাওঁ৷ আচৰিত কথা কি জানে এসময়ত উজনি অসমত অৰুণাচলীসকলক বৰকৈ অত্যাচাৰ কৰা হৈছিল (হোমেন বৰগোহাঞিৰ নাগৰিকৰ সম্পাদকীয়ত এই বিষয়ে এটা সুন্দৰ সম্পাদকীয় আছে)৷ এনে অত্যাচাৰ কিন্তু অকল কাষ্ট হিন্দুই কৰা নাছিল৷ সেই ঠাইবোৰৰ আহোম যুৱকসকলেও তাত হাত উজান দিছিল৷ কিয় দিছল? কাৰণ সহজ-সৰল অৰুণাচলীসকলক ভৈয়ামৰ মানুহে হীন চকুৰে চাইছিল৷ অৰুণাচলীক সাধাৰণ দোষতে নিৰ্দয়ভাবে প্ৰহাৰ কৰাৰ ঘটনা পৰ্যন্ত হৈছিল৷ আমাৰ গাঁওত এসময়ত এজন যুৱকে বডো ছোৱালী বিয়া কৰোৱাৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰা হৈছিল৷ আজি কিন্তু বৰপেটাত বডো ছোৱালী বিয়া কৰালে মানুহে আনন্দৰে আলোচনা কৰে- ‘আমুকে বডোৰ আপী আনিলে বোলে..’৷ কথাবোৰ সলনি হৈছে৷ মোৰ পোষ্টটোত আহোম জাতীয়তাবাদ বোলোতে কি কৈছো বন্ধুসকলৰ সম্ভৱত বুজাত অসুবিধা হোৱা নাই৷ ড. হীৰেন গোঁহাই মহাশয়েও আহোমসকলৰ মাজত গঢ় লৈ উঠা গোষ্ঠী প্ৰৱণতাটোৰ অত্যুক্ত ৰূপে অসমীয়া জাতীয় জীৱনত ক্ষতি সাধন কৰাৰ সম্ভাৱনাৰ ওপৰত এটা নিবন্ধ লেখাৰ কথা মোৰ মনত পৰে৷
  • Sarma Raktim ৰাজতন্ত্ৰৰ সময়ৰ কথা ময়ো কোৱা নাই।কৈছো মানুহৰ মাজত চলি অহা আহোম শব্দটোৰ অপপ্ৰয়োগৰ কথা।আহোম কোনো গোষ্ঠীজ পৰিচয় বা সম্প্ৰদায় হব নোৱাৰে।যিসকলক আহোম বুলি কোৱা হৈ আহিছে তেওঁলোক প্ৰকৃততে টাই গোষ্ঠীৰ লোকহে।আহোম আৰু অসমীয়া অভিন্ন।টাইবংশীয় চুকাফাৰ ৰাজত চলা প্ৰশাসনীয় ব্যৱস্থাটো আহোম আৰু সেই ব্যৱস্থাই সৃষ্টি কৰা জাতিটো অসমীয়া।ইংৰাজৰ সময়ত যি মধ্যবিত্ত শিক্ষিত গঢ় লৈ উঠিছিল আৰু তাৰ ফলত সৃষ্টি হোৱা জাতীয়তাবাদ উচ্চবৰ্ণৰ এচাম শিক্ষিতক কেন্দ্ৰ কৰি গঢ় লৈছিল অতি বিকৃতভাবে।সেই উচ্চবৰ্ণৰ শিক্ষিতসকল উপনিবেশিক শিক্ষাৰে ইমানেই প্ৰভাৱিত হৈছিল যে সাধাৰণ কৃষকৰ সমস্যাক কানীয়াৰ সমস্যা বুলি কৈ আনকি ফুলগুৰীৰ ধেৱা ,পথৰুঘাটৰ বিদ্ৰোহতো ইংৰাজৰ পক্ষহে লৈছিল।আজিও সেই একেই ছবি। অথচ সেই জাতীয়তাবাদ গঢ় লৈ উঠিব লাগিছিল অসমীয়া মূল পৰিচয় আহোম ৰাজবংশক কেন্দ্ৰ কৰিহে।কিন্তু আহোম ৰাজবংশই পূৰ্ব সামন্তবাদী চিন্তা খামুছি থাকি মানসিক ভাবে বৃটিছৰ ব্যৱস্থাৰ সৈতে সংপৃক্ত হব নোৱাৰিলে ফলত তেওলোক বৃটিছ সৃষ্ট অসমীয়া জাতীয়তাবাদী লাইনৰ পৰা আতৰত অৱস্থান কৰিবলৈ ললে।লাহে লাহে সেই চিন্তাই গোষ্ঠীজ ৰূপ লবলৈ ধৰিলে।স্বাভাবিকতেই আহোম শব্দটো সেই গোষ্ঠীজ পৰিচয়ৰ সৈতে একীভূত কৰা হৈছিল। তেনেকৈ এটা শ্ৰেণীয়ে বৃটিছৰ মনযোগ আকৰ্ষন কৰিবলৈ ললে।সেই একেই ধৰণৰ খেলটো এতিয়াও বিভিন্ন জনগোষ্ঠীৰ অস্তিত্বৰ বাবে কৰা আন্দোলনবোৰত দেখিবলৈ পোৱা যায়।এচাম শিক্ষিত মধ্যবিত্তৰ এই চিন্তাই কিন্তু উচ্চবৰ্ণৰ সকলোকে সাঙুৰি লোৱাটোও সত্যৰ অপলাপ।বিয়া বাৰু আদিৰ পৰিচয়ৰ বিশুদ্ধতা বজাই ৰখাৰ যি চেষ্টা সেয়া অকল উচ্চবৰ্ণৰ মাজতেই নাই জনজাতি সকলৰ মাজতো আছে।সেয়াই বৰ্ণবাদ বুলি কোৱাটো কিজানি সঠিক নহয়।বাকীখিনি বাংলাৰ পৰা আমদানি কৰা শিক্ষিত এচামৰ বৰ্ণবাদ। কাৰণ অসমত অৰ্থনৈতিকভাবে বৰ্ণবাদ এতিয়াও নাই কেতিয়াও নাছিল।অসমত ভূস্বামী- সামন্তশ্ৰেণীটো বেছিভাগ জনজাতিহে আছিল।
  • Subrat Gogoi Sarma Raktim "আহোম এক প্রশাসনীয় ব্যৱস্থাহে" কথাষাৰ অলপ বহুল ভাবে বিশ্লেষণ কৰিলে বাধিত হ'লো হেঁতেন। এনে লাগিল যেন অসমত থকা সকলো ব্যক্তিয়েই আহোম!
  • Debaraj Kalita ভাল্‌,...।লাগিছে
  • Sarma Raktim মই যিমানদূৰ জানো বা এইবিষয়ে যিসকলৰ সৈতে গভীৰভাবে কথা পাতিছো(তাৰ মাজত আলফাৰ উপদেষ্টা প্ৰয়াত ভীমকান্ত বুঢ়াগোহাই, তেওঁ নিজেও এজন ইতিহাসবিদ আছিল) খুব ষ্পষ্টকৈ কৈছিল যে আহোম কোনো সম্প্ৰদায় বা জনগোষ্ঠী নহয়,ই ১৮২৬চনৰ ২৪ ফেৰ্ব্ৰুৱাৰীলৈ বাহাল থকা এটা স্বাধীন অসমৰ প্ৰশাসন।আপুনি কোৱাৰ দৰে ---এনে লাগিল যেন অসমত থকা সকলো ব্যক্তিয়েই আহোম!..এই বক্তব্যটোই সেইহিচাপে ভুল।@Subrat Gogoi
  • Subrat Gogoi .
    ক) "আহোম কোনো গোষ্ঠীজ পৰিচয় বা সম্প্ৰদায় হব নোৱাৰে।যিসকলক আহোম বুলি কোৱা হৈ আহিছে তেওঁলোক প্ৰকৃততে টাই গোষ্ঠীৰ লোকহে।"

    খ) "টাইবংশীয় চুকাফাৰ ৰাজত চলা প্ৰশাসনীয় ব্যৱস্থাটো আহোম আৰু সেই ব্যৱস্থাই সৃষ্টি কৰা জাতিটো অসমীয়া।"

    এই দুটা বাক্য কেনেদৰে পৰিপূৰক হ'ব পাৰে?
  • Subrat Gogoi কিন্তু এইটো বাক্য মই আপোনাৰেই পূর্বৰ পোষ্ট এটাৰ পৰা উদ্ধৃত কৰিছো।
  • Sarma Raktim কথাখিনি সজোৱাত খেলি মেলি হল।আচলতে মই কব খুজিছো যে আহোম বুলি আমি এতিয়া যাক বুজো তেওঁলোক প্ৰকৃততে টাইগোষ্ঠীৰ।টাইগোষ্ঠীৰ লোকসকলক আহোম বোলাটো ইতিহাসে সমৰ্থন নকৰে মই জনাত।কাৰণ আহোম এক প্ৰশাসনীক ব্যৱস্থাহে আছিল,কোনো সম্প্ৰদায় বা জনগোষ্ঠীক বুজোৱা নাছিল।যিটো পিছলৈ গৈ ভুলক্ৰমে গোষ্ঠীজ পৰিচয় হলগৈ।অৰ্থাত মই কব খোজা মতে যেনে-চুকাফা টাই জনগোষ্ঠীৰ লোক ,তেওঁ যিটো প্ৰশাসন চলাইছিল তাক আহোম বোলে।সেই প্ৰশাসনত অসমৰ সকলো জনগোষ্ঠীৰ লোক আছিল।
  • Subrat Gogoi এইখিনিতে আপোনাৰ জ্ঞাতার্থে জনাই থওঁ যে আমি নিজকে টাই আহোম বুলিয়েই কওঁ। ( সেই সূত্রে আপুনিও নিজকে বামুণ আহোম বুলি ক'ব পাৰে। )
  • Sarma Raktim বামুন-আহোম অপ্ৰচলিত ভুল শব্দ।তাৰোপৰি মোৰ পূৰ্বপুৰুষ কোচ ৰাজ্যৰ অন্তৰ্গতহে। টাইৰাজবংশৰ এতিয়া শাসন নাই।গতিকে আপুনি আহোম প্ৰশাসনৰ অন্তৰ্গত নহয়।আহোম কোনো জনগোষ্ঠীয় পৰিচয় নহয়।আহোমৰ পৰা অসমীয়া জাতিৰ সৃষ্টি।কাৰণ সেই ব্যৱস্থাটোৰ ঔৰসতেই অসমীয়া জাতীয় পৰিচয়ৰ জন্ম হৈছিল। আপুনি মোৰ মতে টাইহে ।আহোম শব্দটো টাইৰ লগত যুক্ত কৰা অপ্ৰাসংগিক।যিটো এটা সময়ত উদ্দেশ্যপূৰ্নভাবে কৰিছিল এচাম ৰাজনীতিকে।
  • Subrat Gogoi মোৰ পৰিচয় আপোনাৰ পৰা জানিব পাৰি ভাল লাগিল। আপুনি এই কথাষাৰ টাই আহোম সংগঠন সমূহৰো কান চোৱাব বুলি আশা থাকিল; ই তেখেতসকলৰো ভ্রান্তি দূৰীকৰণত সহায়ক হ'ব। প্রকৃত সত্য উদ্ঘাটন হোৱাটো সকলোৰে কাম্য।
  • Sarma Raktim মই ইমান ডাঙৰ লোক নহয়,ইতিহাসবিদো নহওঁ।টাই-আহোম সংগঠন মোৰ পৰা বহু দূৰৈত।প্ৰবীন ইতিহাসবিদে যিজনৰ পূৰ্বপুৰুষ আহোম ৰাজবংশৰ বুঢ়াগোহাই তেখেতে প্ৰায়েই কোৱা কথাখিনি যুক্তিপূৰ্ণভাবি কলো।বেয়া নাপাব,কোনো জনগোষ্ঠীকে হেয় কৰাৰ বা দুখ দিয়াৰ অভিপ্ৰায় মোৰ নাছিল।
  • Subrat Gogoi বেয়া পাবলৈ কিটো আছে? হওঁতে এতিয়া আপুনিও মোৰ পৰা বহু দূৰৈত। কিন্তু কথা পাতিয়েই আছো; নহয় জানো?
  • Sarma Raktim আপোনাৰ ঘৰখনে সচা কথাটো আপোনাৰ পৰাহে বিশ্বাস কৰিব।সেইটো কাম আপুনিয়েই কৰক বৃহত্তৰ স্বাৰ্থৰ খাতিৰত।সত্য উদ্ঘাটনত আমি আপোনাৰ লগত আছো।
  • Subrat Gogoi আপুনি এইষাৰ কথা সৰু ল'ৰাই বাগি মৰাৰ দৰে ক'লে। মই যে আহোম নহয়, সেয়া আপোনাৰ ভাষ্য। এতিয়া বাৰু এই ভাষ্যকে কিয় মোৰ হতুৱাই বেলেগক কোৱাব বিচাৰিছে? 
  • Sarma Raktim কাৰণ আপুনিয়েই কৈছিল যে--'তেখেতসকলৰো ভ্রান্তি দূৰীকৰণত সহায়ক হ'ব। প্রকৃত সত্য উদ্ঘাটন হোৱাটো সকলোৰে কাম্য।' আপুনি মোৰ কথাখিনি হজম কৰিব পৰা নাই।টাই-আহোম সংগঠনৰ নেতাসকলে ফেচবুক ব্যৱহাৰ নকৰে বুলি বিশ্বাস নকৰো।নিশ্চয় অকবতো কোনোবা আছে।তেওঁলোকে এইবোৰ কথা কেতিয়াও শুনা নাই বুলিও মই নাভাবো।বাগি মৰা স্বভাৱ আমাৰ নাই দিয়ক।এইবিষয়ে আৰু নকও।কিবা ব্যক্তিগত কথা-বতৰা যেন লাগিছেগৈ।
  • Subrat Gogoi বেয়া নাপাব।
    " আপোনাৰ ঘৰখনে সচা কথাটো আপোনাৰ পৰাহে বিশ্বাস কৰিব।সেইটো কাম আপুনিয়েই কৰক বৃহত্তৰ স্বাৰ্থৰ খাতিৰত।সত্য উদ্ঘাটনত আমি আপোনাৰ লগত আছো।" ... আপোনাৰ এই কথাখিনিকহে মই বাগী মৰা কথা বুলি কৈছিলো। কাৰন এই কথাখিনিৰ জৰিয়তে আপুনি আপোনাৰ বক্তব্যখিনিক মোৰ মুখেৰে বেলেগক জনোৱাটো বিচাৰিছে। কথাখিনি ব্যক্তিগত হোৱা নাই যেনেই মোৰ বোধ হৈছে। বাৰু, শুভৰাত্রি।
  • Pratim Pratap Baruah "আহোম কোনো সম্প্ৰদায় বা জনগোষ্ঠী নহয়। আহোম এক প্রশাসনীয় ব্যৱস্থাহে।" - এই দুটা বাক্যৰ যুক্তিপূৰ্ণ আৰু তথ্যপূৰ্ণ আলোচনা বিচাৰিছোঁ। আহোম এক সম্প্ৰদায় বা জনগোষ্ঠী কিয় নহয়? বা আহোম এক প্ৰশাসনীয় ব্যৱস্থা কেনেকৈ হয়?
  • Debabrot Gogoi " আহোম সম্প্ৰদায় নে প্ৰশাসনীয় ব্যৱস্থা" এই বিষয়টো যথেষ্ঠ আৰ্কষণীয় বিষয় বুলি অনুভৱ কৰিছো । মোৰ সীমিত অধ্যয়ন তথা চিন্তাশক্তিৰে যিখিনি বুজিছো , সেইফালৰ পৰা "আহোম" আচলতে এক প্ৰশাসনীয় ব্যৱস্থাহে । কিন্ত কালচক্ৰত পৰি আহোম এটা সম্প্ৰদায়লৈ ৰুপান্তৰিত হ'ল । ৰক্তিম শৰ্মাই এইখিনি উনুকিওৱাৰ বাবে ধন্যবাদ দিছো । 

    এটা সৰু উদাহৰণ দিও । আহোম শাসন ব্যৱস্থাত "ফুকন , বৰুৱা , ৰাজখোৱা , নেওগ" এইধৰণৰ উপাধিবোৰ আজিৰ দিনৰ ভাৰতীয় শাসন ব্যৱস্থাৰ কৰ্ণেল, মেজৰ বা ডি.চি, এছ.পি আদিৰ লগতহে ৰিজাব পাৰি । সেইসময়ত জাতিবাদৰ প্ৰচল নাছিল বাবেই হয়তো যিসকল মানুহে এই উপাধি বা বাব পাইছিল সেইবোৰকে নিজৰ নামৰ লগত ব্যৱহাৰ কৰিছিল । আনহাতে ৰাজখোৱা , ফুকন , বৰুৱা বা নেওগ আদিসকল বিভিন্ন সম্প্ৰদায়ৰ পৰা আহিছিল , যি সম্প্ৰদায়ৰ পৰিচয় তেওঁলোকে যুগ যুগ ধৰি এতিয়ালৈকে কঢ়িয়াই লৈ ফুৰিছে। যেনে , ৰাজখোৱা , ফুকন আদি উপাধিবোৰ বামুণ , কলিতা , আহোমৰ মাজত এতিয়াও বিৰাজমান । আনহাতে নেওগ উপাধি আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ মাজত আছে। আহোম ৰাজ ব্যৱস্থাই নিজৰ শাসন প্ৰণালীটো সুকলমে চলাই নিবলৈকে বিভিন্নলোকক একে উপাধি প্ৰদান কৰিছিল আৰু প্ৰশাসনিক দায়িত্ব দিছিল। ইয়াত আহোম ৰজাৰ জাতিপ্ৰেম বা জাতীয়তাবাদৰ কথা নাছিল। শাসন ভালদৰে চলাব লাগে , গাদী ৰক্ষা পৰিব লাগে। বচ কথা সিমানেই। যেনেকৈ বৰ্তমানৰ তৰুণ গগৈয়ে বিসম্বাদক চম্ভালিবলৈ আই.এ.এচ বিষয়া ভানুক পুনৰ অসমলৈ অনাৰ খবৰ ওলাইছে। 
    ইতিহাসৰ খবৰ ৰখা ব্যক্তিমাত্ৰেই জানে যে অসমত বৃটীছ শাসনৰ আৰম্ভণিৰ সময়চোৱাত জনজাতীয়সকলৰ বাদে মাত্ৰ আন দুটা সম্প্ৰদায়েই বৃটিছৰ লগত সহযোগিতা কৰা নাছিল । সেই দুটা হৈছে আহোম আৰু অসমীয়া মুছ্লমানসকল আৰু এই অসহযোগিতা যথেষ্ঠ সচেতনভাবেই হৈছিল। আহোমসমাজৰ উচ্চখাপৰ লোকসকলে ভাবিছিল যে আহোম শাসন ব্যৱস্থাই পুনৰ মুৰ ডাঙি উঠিব আৰু সেই সপোনকে বুকুত লৈ তেওঁলোক জীয়াই আছিল। ইফালে সেইসময়ৰ বৰ্ণহিন্দুসকলে বৃটিছৰ লগত সহযোগ কৰি বহুখিনি আগুৱাই গুচি গ’ল। আহোম শাসন ব্যৱস্থাৰ মোহ এৰিব নোৱাৰা এই টাইমূলীয় মানুহখিনিয়েই এসময়ত নিজৰ সম্প্ৰদায়টোকে “আহোম” বুলি চিনাকী দিবলৈ বাধ্য হ’ল। এনে পৰিচয় পোৱাৰ অন্যতম কাৰণৰ ভিতৰত আহোম ৰাজপৰিয়াল আৰু শাসনত থকা মুৰব্বীসকলৰ সৰহ সংখ্যকেই টাইমুলীয় আছিল।
    ইয়াত আলোচনা কৰিবলগীয়া বহুখিনি আছে , নিজে লিখা কথাখিনি সৰ্ম্পূণ শুদ্ধ বুলি নকওঁ ।সেয়ে আন সদস্যসকল পৰা আলোচনা আশা কৰিলো ।
  • Dwijendra Nath Sarma আলোচনাটোত বৰ গুৰুত্বপূৰ্ণ কথা আলোচিত হৈছে। আহোম সম্প্ৰদায়ৰ সৃষ্টিত ক্ষেত্ৰত এটা প্ৰশাসনীয় ব্যৱস্থাৰ পৰা সম্প্ৰদায়লৈ ৰুপান্তৰিত হোৱাৰ কথাখিনি যুক্তিযুক্ত যেন লাগে আৰু অসমৰ বুৰঞ্জীৰ গৰুত্ব পূৰ্ণ কথা। এই বিষয়ত বিষদ জনাৰ আগ্ৰহ থাকিল।
  • Nayanmoni Haloi মূল্যবান প’ষ্ট | আমাৰ দৰে অজ্ঞসকলে প’ষ্টটো দীঘল হোৱাটো কামনা কৰিছো |
  • Ripunjoy Chetia ঠিকেই,আহোম এটা প্রশাসনীয় ব্যৱস্থাই মানে সেই ব্যৱস্থাত অংশগ্রহণ কৰা লোকসকল।টাই ভাষা নাজানো যদিও শুনামতে আও-হোম মানে একেলগে ঢাকনি দি ৰখা।কিন্তু সকলো আহোমেই টাইমূলীয় নহয়,যেনে চাংমাইসকল।তেওঁলোক বৰাহী আছিল যি আজি আহোমৰ লগত সকলোফালে সনাপোটোকা হৈ আহোম হ'ল।সেয়েহে টাই আহোম অর্থাৎ টাইমূলীয় আহোম শব্দটোৰ যুক্তিযুক্ততা আছে।
    Yesterday at 5:44pm via mobile · Like · 2
  • Tuwaram Dutta আলোচনাটো সুন্দৰ হৈছে। জনা-বুজা সকলে তথ্যসহকাৰে আগবঢ়াই নিলে ভাল হয়।
  • Subrat Gogoi আহোমসকলৰ স্থানীয় লোকসকলৰ সহযোগিতাত প্রচলিত এক শাসন ব্যৱস্থা আছিল। ভূমিপুত্রসকলক বাদ দিও বহুতো মুছলমান মুলীয় ব্যক্তিয়েও গুৰুত্বপূর্ণ বিষয়বাব চম্ভালিব লগা হৈছিল। যিহেতু এই বিষয়বাব সমূহ একো একোটা উপাধিৰে নির্ধাৰণ কৰা হৈছিল, এই উপাধিসমূহ অনা-আহোম ব্যক্তিসক...See More
  • Sarma Raktim এইবিষয়টোৰ ওপৰত গবেষনাৰ যথেষ্ট থল আছে।টাইসকলে যেতিয়াৰ পৰা আহোম বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিলে বা কি কাৰণে আহোম পৰিচয়ৰ প্ৰয়োজন হল সেই সময়টো আৰু পৰিস্থিতি গুৰুত্বপূৰ্ণ।কেইবাখনো বুৰঞ্জীত এইবিষয়ত অষ্পষ্টতা দেখা যায়।ইতিহাসে সোৱৰা ছয়শটা বছৰত আছে যে টাইসকল অসমলৈ অহাৰ আগতে কেতিয়াও আহোম নামেৰে পৰিচিত নাছিল।অসমলৈ অহাৰ পিছত তেওঁলোকে আহোম বুলি পৰিচয়হোৱাৰ যি কাৰণ দৰ্শাইছে সেই সকলো বোৰ কাৰণৰ উত্স বা মূল অৰ্থ অসম নামৰ অৰ্থ বা উত্সৰ সৈতেহে সম্পৰ্কিত।বড়ো সকলে শ্ব্যামসকলে শাসন কৰা ৰাজ্যক হাচাম বুলিছিল।বৰাহীসকলে হা-টোক আ উচ্ছাৰন কৰে বাবে আচাম।আচামদেশ শাসন কৰা সকলক আহোম নামে জনাজাত হোৱা বুলি উল্লেখ আছে।এই বিশ্লেষনমতেও আহোম শব্দটো ৰাজ্যশাসন কৰা(প্ৰশাসনীয় ব্যৱস্থা) কে বুজায়।
  • Biswajit Sutradhar মই অল্প জ্ঞানেৰে লিখা পোষ্টটোৰ পৰা আলোচনা ইমান গুৰুত্বপূৰ্ণ পৰ্যায়লৈ যোৱাৰ বাবে ভাল লাগিছে৷ আচলতে মই বিষয়টোত অজ্ঞ৷ এই আলোচনাৰ পৰা এটা কথা অনুভৱ হৈছে যে ভালকৈ গৱেষণা কৰিবৰ বাবে আমাৰ হাতত বহুতো বিষয় আছে আৰু আমি বেছিভাগ আনুষ্ঠানিকভাবে গৱেষণা কৰাৰ অৰ্হতা নথকাই কথাবোৰ ভাবো, কিন্তু আমাৰ গৱেষকসকলে এনেবোৰ বিষয়ত গৱেষণা নকৰে৷ ভাল লাগিছে আলোচনখিনি৷ বন্ধুসকলৰ পৰা আৰু অধিক জানিব পাৰিম বুলি ভাবো৷
    22 hours ago · Like · 1

No comments:

Post a Comment