Friday 3 May 2013


Just I can't overcome
(যেতে পারে, কিন্তু কেন যাবো...
                      -শক্তি চট্টোপাধ্যায়-)
যিবোৰ শব্দ মই লিখিব পাৰিছিলো
বাকৰুদ্ধ হোৱাৰ পিছত
সেইবোৰ কুবলাখানৰ উদ্যানতকৈও
সুন্দৰ বপাৰিলেহেঁতেন

চৰায়ে গীত গায়
বতাহে উৰুৱাই নিয়ে
হালধীয়া সৰাপাত
দালিয়ে চুমা খায় সেউজীয়াক
কোলাহলৰ মাজতো
নিজঞ্জাল হয়
তোমাৰ বেঙুনীয়া সাজপাৰ

কিমান দিন বাৰু
এপষ, এমাহ, এবছৰ
তোমাক যে প্ৰথম লগ পাইছিলো
তুমি কালৰ বাবে সাচি ৰাখিছিলা
তোমাৰ সৰ্বস্ব শৰীৰ

মই চাব নোৱাৰো তোমাৰ চকুলৈ
চুমা খাব নোৱাৰো তোমাৰ ওঠত
কৰ্ষণ কৰিব নোৱাৰো
তোমাৰ নাভীৰ উপত্যকা

আজি ৰাতি শাৰী শাৰী
চাকি জ্বলিব
এই বাটেৰই মাৰ্কোপলো আহিব
মেগেষ্টেনিছে লিখিব
ভাৰতত দেখা
সেই অদ্ভুত মানুহটোৰ কথা
সকলো সঁচাই মিছা হৈ যাব
সকলো মিছাই সঁচা হৈ যাব
তুলাচনীত জাপ মাৰি উঠিব সত্য
আৰু
দিল্লী চহৰ চাব এক্কা গাড়ীত উঠি

মোৰ বৰ্তমানেই অতীত
যি সংঘাত জৰ্জৰ
বাঁহ-বিৰিণাৰে সজা
এটি ঘৰত
একলি বৰগীত হৈ
পাহি মেলি মেলি
তোমাৰ বুকুত হাউলি পৰিছিল
এছায়া অৰণ্য

আজিও সেই পোহৰৰ মেৰঘৰত
লখায়ে হিয়াধুনি কান্দে
‘‘... বেউলা জাগোৰে বেউলা জাগোৰে
মোক খাই কাল নাগে বেউলা জাগোৰে......’’
শিলৰ চোলা চিলাবলৈ
পানীৰ বেজী

মই জানো
মই আছো
তাত মই নাই
মই থাকিব লাগিব
তাতো মই থাকিব নোৱাৰো৷
                         -বিশ্বজিত সূত্ৰধাৰ-

No comments:

Post a Comment